NORTHEAST NOW (Assamese)

শোণিতপুৰ-তেজপুৰৰ ফাষ্ট ট্ৰেক ক’ৰ্টত বন্য প্ৰাণী সংক্ৰান্তীয় গোচৰৰ নিষ্পত্তি

December 20, 2017 10:20 pm · এন ই নাও নিউজ

শোণিতপুৰ-তেজপুৰৰ ফাষ্ট ট্ৰেক ক’ৰ্টৰ এটা উল্লেখযোগ্য সাফল্যৰ স্বাক্ষৰ স্বৰূপে স্থবিৰ হৈ থকা বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰৰ আজি নিষ্পত্তি কৰা হয়। ইতিপূৰ্বে বন্য প্ৰাণী সংক্ৰান্তীয় এই গোচবোৰ নিয়মীয়া আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱা হৈছিল যদিও ইয়াৰ নিষ্পত্তি লেহেমীয়া তথা নিৰৎসাহজনক আছিল। ফলত এই গোচৰবোৰ নিষ্পত্তি কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন জিলাৰ জ্যেষ্ঠতম অতিৰিক্ত জিলা আৰু খণ্ড বিচাৰপতিসকলক লৈ ফাষ্ট ট্ৰেক ক’ৰ্ট গঠন কৰি দিছিল। এই বছৰৰ আৰম্ভণিতে শোণিতপুৰ জিলাৰ জ্যেষ্ঠতম অতিৰিক্ত জিলা আৰু খণ্ড বিচাৰপতি দাৰাক উল্লাহে ইয়াৰ বাবে এখন কৰ্ম আঁচনি প্ৰস্তুত কৰিছিল, য’ত তেওঁৰ আদালতত পৰি থকা বন্য প্ৰাণী সম্পৰ্কীয় ১৩ টা গোচৰৰ নিষ্পত্তি কৰাৰ লক্ষ্য লৈছিল। অক্টোবৰৰ লৈকে আন ১৬ টা গোচৰ আহিছিল। অৱশেষত আদালতখনে যোৱলা ৩১ অক্টোবৰ পৰ্য্যন্ত অহা সকলো গোচৰৰ নিষ্পত্তি কৰিবলৈ সক্ষম হয়, য’ত কিছুমানক কাৰাদণ্ড দিয়াৰ লগতে আন কিছুমানক জৰিমনা বিহা হয়। জমা কৰা জৰিমনাৰ ধনখিনি অসমৰ মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়কলৈ প্ৰেৰণ কৰা হয় আৰু এটা নিৰ্দেশনাও লগতে প্ৰেৰণ কৰা হয় যে উক্ত ধনখিনি বন্য প্ৰাণীৰ কল্যাণৰ বাবে খৰচ কৰা হ’ব। আজি এটা চৰকাৰী সূত্ৰই এইদৰে জানিবলৈ দিয়ে এন ই নাওক।

Related News