শোণিতপুৰ – বিশ্বনাথত চাৰিজন এন ডি এফ বি (সং)ৰ কেডাৰ আটক

শুকুৰবাৰে সেনা আৰু অসম আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা  অভিযানত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইৰ পৰা চাৰিজন দুৰ্ধৰ্ষ এন ডি এফ বি সংবিজিত গোটৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চাৰিজনৰ ভিতৰত তিনিজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। এই তিনিজন সদস্য ক্ৰমে ৰৌডম বসুমতাৰী(১৭), বাবলু বসুমতাৰী(২৩) আৰু আঘোনা বসুমতাৰী(২৫) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই আটকাধীন এন ডি এফ বি(সং) সদস্য কেইজনৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল ফোন আৰু ছখন চিমকাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত  এন ডি এফ বি কেডাৰ কেইজনে ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰা বুলি সেনা জনসম্পৰ্ক বিষয়া লেঃ কৰ্ণেল সুনীত নিউটনে আমাৰ আগত জানিবলৈ দিয়ে। লগতে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মহত্তাই জনোৱা অনুসৰি এই চাৰিজন কেডাৰক শোণিতপুৰৰ ওদালগুৰি, ঢেকীয়াজুলি আৰু ৰঙাপাৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু অসম পুলিছৰ যুটীয়া অভিযানত এই চাৰিজন দুৰ্ধৰ্ষ এন ডি এফ বি সদস্যক আটক কৰিবলৈ সক্ষম হয় বুলি লেঃ কৰ্ণেল সুনীত নিউটনে ne now ক জানিবলৈ দিয়ে। লগতে বিগত সময়ত এন ডি এফ বি (সং) গোটৰ এই সদস্য কেইজনে সংগঠনটোত নতুন কেডাৰ ভৰ্তিৰ বাবে শোণিতপুৰ আৰু বিশ্বনাথত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল বুলিও জনায়।