শ্বিলঙত অনুষ্ঠিত হ’ব ভাৰতৰ বৃহত্তম সংগীত মহোৎসৱ ‘এনএইচ-ছেভেন উইকএণ্ডাৰ’

u-4-570x320

‘এনএইচ-ছেভেন উইকএণ্ডাৰ’ শীৰ্ষক ভাৰতৰ বৃহত্তম সংগীত মহোৎসৱটোৰ  চলিত বৰ্ষৰ সংস্কৰণত এইবাৰ শ্বিলঙকো সামৰি লোৱাৰ হোৱাৰ প্ৰস্তুতি চলিছে।  বাৰ্ষিক আৰু বহু মহানগৰ সামৰি লোৱা এই সংগীত মহোৎসৱৰ সৈতে ভালেকেইগৰাকীমান সংগীত জগতৰ তাৰকা শিল্পী জড়িত হৈ আছে।

উল্লেখ্য যে এই সংগীত মহোৎসৱক আটাইতকৈ ‘সুখী সংগীত মহোৎসৱ’ (দ্য হেপীয়েষ্ট মিউজিক ফেষ্টিভেল) হিচাপেও জনা যায়।

‘এনএইচ-ছেভেন উইকএণ্ডাৰ’ সংগীত মহোৎসৱৰ ধাৰণাটোক জন্ম দিয়াৰ লগতে আয়োজন কৰিছে ‘অনলি মাচ্চ লাউডাৰে’। আৰম্ভণিৰ পৰা এই সংগীত মহোৎসৱটো ভাৰত বিভিন্ন মহানগৰত অনুষ্ঠিত হৈ আহিছে।

উল্লেখ্য যে ‘এনএইচ্চ-ছেভেন উইকএণ্ডাৰ’ সংগীত মহোৎসৱৰ আত্মপ্ৰকাশ ঘটিছিল ২০১০ চনত। এইবাৰৰ এনএইচ-ছেভেন উইকএণ্ডাৰ নৱেম্বৰ মাহৰ ২-৩ তাৰিখে অনুষ্ঠিত হ’ব।

এই সংগীত মহোৎসৱত ভিন্ন ৰুচিৰ দৰ্শকৰ বাবে কিবা হ’লেও আছে। এই সংগীত মহোৎসৱত সংগীতৰ বিভিন্ন ধাৰাৰ প্ৰখ্যাত শিল্লীসকলে অংশগ্ৰহণ কৰা হেতুকে দৰ্শকে তেওঁৰ নিজৰ ৰুচি অনুসাৰে সংগীতৰ ধাৰা বাচনি কৰিব আৰু সংগীতানুষ্ঠান উপভোগ কৰিব পাৰে। এই সংগীত মহোৎসৱত অংশগ্ৰহণ কৰা খাদ্য বিপণীঁসমূহত পৰিৱেশন কৰা খাদ্যয়ো ইয়ালৈ অহা জনসাধাৰণৰ হৃদয় আপ্লুত কৰিব।

এই সংগীত মহোৎসৱ হৈছে ভাৰতৰ আটাইকৈ ডাঙৰ সংগীত মহোৎসৱ। সমগ্ৰ ভাৰতত ইয়াৰ প্ৰতিটো সংস্কৰণতে বছৰি ১,০০,০০০তকৈও অধিক দৰ্শক উপস্থিত তাকে।

আৰম্ভ হোৱাৰে পৰা প্ৰতি বছৰে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত এই সংগীত মহোৎসৱটো আয়োজিত হৈ আহিছে। এই সময়চোৱাত এই সংগীত মহোৎসৱ পুনে, দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী এলেকা (এনচিআৰ), বাংগালুৰু, কলকাতা আৰু শ্বিলং— ভাৰতৰ এই পাঁচখন মহানগৰত অনুষ্ঠিত হ’ব।

এই সংগীতানুষ্ঠানৰ বিশেষত্ব হৈছে ইয়াত সংগীতৰ বিভিন্ন ধাৰাৰ প্ৰতিষ্ঠিত আৰু উঠি অহা স্থানীয় শিল্পীৰ লগতে গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক শিল্পীসকলৰ যোগদান। এই সংগীত মহোৎসৱত আমেৰিকান হেভী মেটেল বেণ্ড ‘মেগাদেথ’, বৃটিছ ৰক বেণ্ড ‘বোম্বে বাইচাইকল ক্লাব’, এআৰ ৰেহমান, মাৰ্ক ৰ’নছন আদি শিল্পীয়ে অংশগ্ৰহণ কৰি আহিছে।