শ্বীনা বৰাৰ চহী জাল কৰাৰ কথা স্বীকাৰ ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিবৰ

Indarni-Mukerjee-678x381

ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত, ইন্দ্ৰানী মুখাৰ্জীৰ পূৰ্বৰ সচিবগৰাকীয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই) এখন বিশেষ আদালতৰ আগত স্বীকাৰ কৰিছে যে তেওঁ মালিকৰ হেঁচাত শ্বীনা বৰাৰ চহী জাল কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

কাজল শৰ্মা নামৰ ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিবগৰাকীয়ে চিবিআইৰ বিশেষ আদালতক কয় যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰিছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে ইন্দ্ৰাণী মুখাৰ্জীয়ে তেওঁৰ কন্যাক হত্যা কৰিব পাৰে।

তেওঁৰ পূৰ্বৰ নিয়োগকৰ্তাৰ নিৰ্দেশত তেওঁ কিয় শ্বীনা বৰাৰ চহী জাল কৰিবলৈ সন্মত হৈছিল বুলি ইন্দ্ৰাণীৰ অধিবক্তা তোলা প্ৰশ্নৰ উত্তৰত কাজলে এইদৰে কৈছিল।

চিবিআইয়ে দাবী কৰিছে যে শ্বীনা বৰাৰ হত্যাকাণ্ডৰ পিছত কাজলে ২০১২ চনত পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি অভিযুক্ত নিয়োগকৰ্তালৈ প্ৰেৰণ কৰিছিল আৰু এখন ছুটী তথা অনুজ্ঞাপত্ৰ বাতিলকৰণৰ নথি তেওঁৰ মালিকলৈ পঠিয়াই দিছিল।

কাজলে ইয়াৰ আগেয়ে আদালতক কৈছিল যে ইন্দ্ৰাণীয়ে যেতিয়া তেওঁক শ্বীনাৰ চহী জাল কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া প্ৰথমতে তেওঁ সেয়া অস্বীকাৰ কৰিছিল কিন্তু পিছত তেওঁক যেতিয়া কোৱা হৈছিল যে শ্বীনা আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইন্টাৰনেট সেৱা নাই তেতিয়া কাজল মান্তি হৈছিল।

কাজলে লগতে আদালতক জনাইছিল যে তেওঁ চহী জাল কৰাটো অপৰাধমূলক কাৰ্য বুলি জনা নাছিল।

তেওঁ আদালতৰ আগত স্বীকাৰ কৰিছিল যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰাৰ বাবে অনুশীলন কৰা কাগজ-পত্ৰবোৰ তেওঁৰ নিয়োগকৰ্তা ইন্দ্ৰাণী মুখাৰ্জীৰ নিৰ্দেশত নষ্ট কৰি পেলাইছিল।

২০১২ চনত সংঘটিত কৰা নিজ কন্যা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক ২০১৫চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ ড্ৰাইভাৰ শ্যামবৰ ৰাইৰ লগতে পূৰ্বৰ স্বামী সঞ্জীৱ খান্নাকো গ্ৰেপ্তাৰ কৰা হৈছিল।

ইন্দ্ৰাণীৰ বৰ্তমানৰ স্বামী তথা মিডিয়া বেৰ’ন পীটাৰ মুখাৰ্জীক সেই বছৰৰে নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।