শ্বেতা আগৰৱালাৰ হত্যাত গোবিন্দৰ মাক আৰু বায়েকো জড়িত আছিল : তদন্তৰ প্ৰতিবেদন

Swetta-1

অত্যন্ত মেধাৱী, কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী স্নাতক মহলাৰ ছাত্ৰী শ্বেতা আগৰৱালাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্তত এই কথা পোহৰলৈ আহিছে যে হত্যাকাণ্ডটোত গোবিন্দ সিংঘালৰ লগতে তেওঁৰ মাক আৰু বায়েকো পোনপটীয়াভাৱে জড়িত আছিল। তদন্ত কৰি থকা আৰক্ষীৰ সূত্ৰই এই কথা জানিবলৈ দিয়ে।

প্ৰথম অৱস্থাত মাক আৰু বায়েকক সন্দেহৰ আৱৰ্তত ৰখা হৈছিল যদিও পিছত তেওঁলোক দুয়োগৰাকী প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি আৰক্ষী নিশ্চিত হৈছে।

তদন্তৰ ভিত্তিত আৰক্ষীয়ে অভিযোগনামাত গোবিন্দ (২১)ৰ লগতে তেওঁৰ মাক কমলা দেৱী ( ৪৮) আৰু বায়েক ভৱানী সিংঘাল ( ২৩)কো মূল অভিযুক্ত হিচাপে সাঙুৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৪ ডিচেম্বৰত মহানগৰীৰ শ্বেতা আগৰৱালা নামৰ মেধাৱী ছাত্ৰীগৰাকীক তেওঁৰ বন্ধুৱেকে হত্যা কৰিছিল। পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ যোৱা শ্বেতা আগৰৱালাক পিছত মৃত অৱস্থাত গোবিন্দৰ ঘৰত উদ্ধাৰ কৰা হৈছিল।

মেধাৱী ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কৰ্মাচ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। তাৰ পিছত তেওঁ কে চি দাস কৰ্মাচ কলেজত স্নাতক মহলাত অধ্যয়ন কৰি আছিল।