শ্ৰম বিভাগৰ অভিযানত হাফলং বজাৰত দুজন শিশু শ্ৰমিকক উদ্ধাৰ

আজি ডিমা হাচাও জিলা প্ৰশাসনৰ সহযোগিতাত শ্ৰম বিভাগে হাফলং বজাৰত শিশু শ্ৰমিকৰ বিৰুদ্ধে এক অভিযান চলায়। আৰু এই অভিযান কালত দুজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে প্ৰশাসনৰ সহযোগত শ্ৰম বিভাগে চহৰৰ অন্যতম মিঠাই প্ৰতিষ্ঠান দিপালী চুইটচত অভিযান চলাই দুগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিশু দুগৰাকীৰ ঘৰ নগা অধ্যুষিত গাঁও মিচিদুইত বুলি জানিব পৰা গৈছে।

 উল্লেখযোগ্য যে শ্ৰম বিভাগে উদ্ধাৰ কৰা শিশু দুজনে আজি এক বিস্ফোৰক কথা প্ৰকাশ কৰে। শিশু দুজনে কয় যে, বিদ্যালয়ত পাঠদান নহয়, প্ৰায়েই বিদ্যালয় বন্ধ থাকে। মা-দেউতা খেতিৰ কাম কৰে।’ লগতে তেওঁলোকে কয় যে বিদ্যালয় বন্ধ থকাৰ বাবে যোৱা দুমাহ ধৰি তেওঁলোকে গাঁও এৰি চহৰৰ দোকানত কাম কৰিবলৈ লয়।

 আনহাতে অভিযান কালত ডিমা হাচাও জিলাৰ সহকাৰী আয়ুক্ত হেমাংগ নবীছৰ লগতে আৰক্ষী বিষয়াও আছিল।

 ডিমাহাছাও জিলাৰ শ্ৰম বিভাগৰ পৰিদৰ্শক সোনালী হোজাইয়ে কয় যে তেওঁলোকৰ হাতত থকা তথ্য অনুসৰি আজি এই অভিযান চলায় আৰু পৰৱৰ্তী সময়ত জিলাখনৰ হাৰাংগাজাও, উমৰাঙচু আদিতো এনে শিশু শ্ৰম বিৰোধী অভিযান চলাব বুলি জানিবলৈ দিয়ে।

 তাৰোপৰি পৰিদৰ্শক গৰাকীয়ে কয় যে আজি উদ্ধাৰ কৰা শিশু কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত চাইল্ড ৱেলফেয়াৰ চেণ্টাৰত চমজাই দিব। আৰু লগতে যদি শিশু কেইটাৰ বয়স চৈধ্য বছৰৰ তলৰ হয় তেন্তে শিশু কেইটাক কামত লগোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।