শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

শংকৰদেৱ সংঘ

একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাপক তথা শ্ৰেণী বৈষম্যহীন সমাজ গঢ়োতা যুগনায়ক শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামাংকিত ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ৰ বৰপেটা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন বৰপেটাত ২৭ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ সভাপতি-সম্পাদক ক্ৰমে বীৰেন্দ্ৰ নাথ পাঠক, অশোক দাস আৰু বৰপেটা আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক ঘনকান্ত দাস আৰু লাচিত ডেকাই জনায় যে, বৰপেটা চহৰৰ মৰানদীৰ পাৰত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা বাৰ্ষিক অধিৱেশনত সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

কাৰ্যসূচী অনুসৰি, ২৭ জানুৱাৰীৰ পুৱা ৭ বজাত অস্থায়ী নামঘৰত গুৰুআসন প্ৰতিষ্ঠাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ পিচতে নাম-প্ৰসংগ, সেৱা বাহিনীৰ নাম পঞ্জীয়ন আৰু শিশু, আই-মাতৃৰ নাম পঞ্জীয়ন অনুষ্ঠিত হ’ব। পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ সভাপতি বীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ’ব কাৰ্যনিৰ্বাহক সভা।

আবেলি ২ বজাত অনিমা বৈশ্যৰ সঞ্চালনাত অনুষ্ঠিত হ’ব শিশা-আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ। সাধাৰণ পৰিষদ উদ্বোধন কৰিব কেন্দ্ৰীয় সদস্যা ক্ষীৰদাপ্ৰভা দাসে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিশু-আইমাতৃ কল্যাণ সমিতিৰ উপদেষ্টা গীতা পাঠকে। আবেলি ৩ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পিচতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাসে।

সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’ব জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ। একেদৰে ২৭ জানুৱাৰীৰ পুৱা নাম-প্ৰসংগ, পতাকা উত্তোলনৰ পিচতে পুৱা ৯-৩০ বজাত অনুষ্ঠিত হ’ব ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ প্ৰাক্তন সম্পাদক কমলকৃষ্ণ দাসে। ইয়াৰ পিচতে বীৰেন্দ্ৰ নাথ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ’ব ধৰ্মালোচনা সভা। শ্ৰীমন্ত সংঘৰ দীনেশ পাটগিৰীয়ে উদ্বোধন কৰিবলগা ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে।

ধৰ্মালোচনা সভাত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু শৰণ সদস্য অক্ষয় উজীৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। একেদৰে ভৱানীপুৰ গোপাল আতা আঞ্চলিক শাখাৰ বেদান্ত কুমাৰ দাস আৰু মানাহ আঞ্চলিক শাখাৰ সোনমণি দাসে শিশু বক্তা হিচাপে ধৰ্মালোচনা সভাত অংশগ্ৰহণ কৰিব। এই সভাত সুজাতা দাস আৰু জোনালী সূত্ৰধাৰে যুৱ বক্তা হিচাপে অংশগ্ৰহণ কৰাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম শক্তি পৰিবহন আৰু সংবহন কোম্পানীৰ প্ৰবন্ধক গোপেশ চন্দ্ৰ ঠাকুৰীয়াই।

ধৰ্মালোচনা সভাৰ পিচত বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ সামৰণি পৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰপেটা জিলা শাখাৰ বাৰ্ষিক অধিৱেশনত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰপেটা জিলা শাখাই।