NORTHEAST NOW (Assamese)

শ্ৰেষ্ঠত্বৰ ৰণত পৰিল বনৰজা

December 26, 2017 9:42 pm · ময়ুখ গোস্বামী
Updated: December 26, 2017 9:49 pm

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পূব দিশৰ শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত নিচলামাৰি বন শিবিৰ অঞ্চলত মঙলবাৰে পুৱা সৰ্বশৰীৰত আঘাতৰ চিন থকা এটা প্ৰাপ্তবয়স্ক বাঘৰ মৃতদেহ উদ্ধাৰ হয়। আঘাতৰ চিন সমূহ লক্ষ্য কৰি বনকৰ্মী সকলে তেওঁলোকৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত ইয়াক বাঘ আৰু বনৰীয়া ম’হৰ যুদ্ধৰ ফল বুলি সন্দেহ কৰিছে। পশু চিকিৎস্যকে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত বনকৰ্মীসকলে মৃত বাঘটোক ৰিজাৰ্ভৰ কাষতে সমাধিস্থ কৰে। যদিও বাঘক বনৰ ৰজা বুলি কোৱা হয়, এই দুৰ্লভ ঘটনাটোত শ্ৰেষ্ঠত্বৰ ৰণত শক্তিশালী বনৰীয়া ম’হৰ হাতত বনৰজাৰ পৰাজিত হ’ল।

Related News