• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১তম গুৱাহাটী গ্ৰন্থমেলা : অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ সম্ভাৱনাৰ কথা ক’লে সচিবে

সুকৃতি গগৈ by সুকৃতি গগৈ
December 26, 2017 9:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰ সম্ভাৱনা আছে বুলি দাবী কৰিলে আজি আয়োজক প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। অলপতে চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ক চলিত ৩১ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ পৰাই ২ লাখ টকাকৈ কিতাপ কিনিবলৈ এক নিৰ্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিততে কলিতাই এই দাবী কৰে। তেওঁ মহাবিদ্যালয়বোৰৰ পৰা কিতাপ কিনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে গ্ৰন্থমেলাত বিক্ৰীয়ে এক অভিলেখ সৃষ্টি কৰিব বুলি কয়।

উল্লেখযোগ্য যে চৰকাৰে চৰকাৰী বিদ্যালয়বোৰৰ ছাত্ৰ-ছাত্ৰীক দ্বাদশ শ্ৰেণী পৰ্য্যন্ত বিনামূলীয়া পাঠ্যপুথি যোগানৰ সিদ্ধান্তৰ প্ৰতিবাদত এইবাৰৰ গ্ৰন্থমেলাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত অসহযোগ কৰিছে আৰু তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাই ইয়াত অংশগ্ৰহণ কৰা নাই। ফলত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিপণিৰ সংখ্যা পূৰ্বৰ বছৰবোৰৰ তুলনাত তেনেই কম। আনকি বহুতো ষ্টল খালী পৰি ৰোৱা দেখা গৈছে। একেদৰে গ্ৰন্থপ্ৰেমীৰ ভিৰো কম হোৱাৰ লগতে এই পৰ্য্যন্ত বিক্ৰী উৎসাহজনক নহয় বুলি জানিব পৰা গৈছে।

Apply Now

আয়োজকৰ তথ্যমতে বাৰদিনীয়া মেলাখনত মুঠ ৭৫ টা বিপণিয়ে অংশগ্ৰহণ কৰিছে।

বিক্ৰী সন্দৰ্ভত নিজৰ আশা প্ৰকাশ কৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, ‘সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতিবাদী কাৰ্য্যসূচী তথা বৰ্জনৰ সিদ্ধান্ত লোৱাত আমি যথেষ্ট নেতিবাচক প্ৰচাৰ পালো যদিও ৰাজ্যখনৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ৩০০ শ মান মহাবিদ্যালয়ে যদি ২ লাখকৈ টকাৰ কিতাপ কিনে তেন্তে গ্ৰন্থমেলাৰ বিক্ৰীয়ে এক অভিলেখ সৃষ্টি কৰিব।’

আনহাতে তেওঁ জনোৱামতে দিল্লী, কলকাতা, ঝাৰখণ্ডৰ পৰাও গ্ৰন্থ বিপণিয়ে অংশগ্ৰহণ কৰিছে। অৱশ্যে হিন্দীৰ পাঠক বেছি নোহোৱা বাবে এইবোৰত বিক্ৰী কম হৈছে। কিন্তু অসমীয়া আৰু ইংৰাজীৰ কিতাপ বিক্ৰী যথেষ্ট হৈছে। শ্ৰীযুত কলিতাই কয়।

 

গ্ৰন্থমেলাৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা ছপাশালটো। ফটো : সুকৃতি গগৈ।

আনহাতে সাহিত্য সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ছপাশালটো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে গ্ৰন্থমেলাস্থলীত। লগতে বিভিন্ন সাহিত্য সম্পৰ্কীয় মনোজ্ঞ আলোচনা দৈনিক সম্পন্ন কৰা হৈছে। আনহাতে অহা ২৮ আৰু ২৯ ডিচেম্বৰত ক্ৰমে বৰাক উৎসৱ আৰু কাৰ্বি উৎসৱ অনুষ্ঠিত হোৱাৰ কথা। আনহাতে ৩০ আৰু ৩১ ডিচেম্বৰত শিশু উৎসৱৰ কাৰ্য্যসূচী আছে। বছৰৰ প্ৰথম দিনটোতে আছে সমাজ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত কবি সন্মিলন, য’ত ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ কবিসকলে ভাগ ল’ব।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd