ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ কথা মাহদিয়েক পূৰ্বে পোহৰলৈ আহিছিল। কেৱল নগাঁও, মৰিগাঁও, বৰপেটা , দৰং আৰু হোজাই জিলাতেই ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ নামত বিগত ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত প্ৰায় দুশ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল।
অভিযোগ মতে, নগাঁও জিলাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সংঘটিত হৈছিল প্ৰায় পঞ্চাশ লাখ টকাৰ বিয়াগোম কেলেংকাৰি। এই কেলেংকাৰিৰ সম্পৰ্কত নগাওঁ আৰক্ষীয়ে এমাহ ধৰি তদন্ত চলোৱাৰ অন্তত কালি কেলেংকাৰিটোৰ লগত জড়িত থকাৰ অপৰাধত দুৰ্নীতি পৰায়ণ চক্ৰটোৰ এজনক গ্রেপ্তাৰ কৰে।
অৱশ্যে ঘটনাৰ মূল নায়ক মনোৱাৰ হুছেইন ফাৰুকী (বাবলু)ৰ উপৰি বিদ্যালয়খনৰ আন কেইজনমান শিক্ষক-কৰ্মচাৰী, বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী বৰ্তমানেও মুকলি আকাশৰ তলত। এই কেলেংকাৰিক লৈ সমগ্ৰ নগাঁও জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য, ‘এণ্টী কৰাপচন চিভিল ছচাইটি, অসম’ নামৰ সংগঠনটোৰ সভাপতি ওৱাইজুল হকে আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত কৰা অভিযোগ অনুসৰি, বিগত ২০১৩-১৪ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষলৈকে সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামত আবণ্টিত হৈছিল কোটি কোটি টকা। এই ধনক লৈয়ে সংঘটিত হৈছিল বৃহৎ কেলেংকাৰি।
অভিযোগ মতে নগাঁও আৰু মৰিগাঁও জিলা দুখনত সৰ্বাধিক পৰিমাণৰ ধনৰ কেলেংকাৰি সংঘটিত হৈছে। নগাঁও জিলাৰ বটদ্ৰৱা আৰু জুৰীয়া শিক্ষা খণ্ডৰ অন্তর্গত নব্বৈখনতকৈ অধিক বিদ্যালয়ত এই জলপানিৰ ধনক লৈ কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ আছে। সংবাদ মাধ্যমত ধাৰাবাহিকভাবে এটাৰ পিছত এটাকৈ এই কেলেংকাৰিৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল নগাওঁ জিলাৰ আৰক্ষীয়ে।
প্ৰায় এমাহ ধৰি চলি থকা তদন্তৰ সময়ত আৰক্ষীয়ে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বৰ্তমানৰ ভাৰপ্রাপ্ত অধ্যক্ষৰ লগতে কেইবাজনো শিক্ষক-কৰ্মচাৰীক নগাওঁ, বটদ্ৰৱা আৰু ডুমডুমীয়া আৰক্ষী থানাত সোধা-পোছা কৰিছিল। অৱশেষত ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামত ডুমডুমীয়া বিদ্যালয়ত সংঘটিত কেলেংকাৰিৰ অভিযোগত কালি নগাওঁ আৰক্ষীয়ে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছনুজ জামান আনচাৰীক গ্ৰেপ্তাৰ কৰে।
আনহাতে, এইখন বিদ্যালয়ৰ লগতে নগাঁও-মৰিগাওঁ জিলাৰ কেইবাখনো বিদ্যালয়ত বিগত তিনি-চাৰি বৰ্ষত সংঘটিত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধন আত্মসাতৰ ঘটনাৰ মূল নায়ক মনোৱাৰ হুছেইন ফাৰুকীৰ লগতে এক বৃহৎ চক্ৰ জড়িত থকাৰ গুৰুতৰ অভিযোগ আছে।
আন এক অভিযোগ অনুসৰি, জলপানিৰ ধনৰ বৃহৎ কেলেংকাৰি সংঘটিত কৰা মনোৱাৰ হুছেইনে আৰক্ষীৰ জালত পৰি কাৰাগাৰলৈ যোৱাৰ ভয়ত উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন দাখিল কৰিছিল। এই সম্পৰ্কত ন্যায়ালয়ে অহা ২৪ জুলাইত আৰক্ষীক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ জাননী দিয়ে।
ইফালে, বটদ্ৰৱা আৰক্ষীয়ে হাছানুজ জামান আনচাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৩৬/১৮ নম্বৰত এক গোচৰ ৰুজু কৰিব জেৰা অব্যাহত ৰাখিছে। এই প্ৰসংগত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা কেলেংকাৰিত শিক্ষক হাছানুজ জামান জড়িত থকাৰ বহুখিনি তথ্য পোৱা গৈছে। তেওঁ আৰু কয় যে আটকাধীন হাছানুজ জামানৰ উপৰি আৰু কেইবাজনো শিক্ষক-কৰ্মচাৰী এই ঘটনাত জড়িত আছে। অতি শীঘ্ৰে এইসকলক গ্ৰেপ্তাৰ কৰা হ’ব।