• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানি কেলেংকাৰি : অচিৰেই গ্ৰেপ্তাৰ হ’ব আৰু কেইবাজনো শিক্ষক

মিণ্টু দাস by মিণ্টু দাস
July 2, 2018 9:49 am
সংখালঘুৰ জলপানি, শিক্ষক গ্ৰেপ্তাৰ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ কথা মাহদিয়েক পূৰ্বে পোহৰলৈ আহিছিল। কেৱল নগাঁও, মৰিগাঁও, বৰপেটা , দৰং আৰু হোজাই জিলাতেই ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ নামত বিগত ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত প্ৰায় দুশ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল।

অভিযোগ মতে,  নগাঁও জিলাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তে সংঘটিত হৈছিল প্ৰায় পঞ্চাশ লাখ টকাৰ বিয়াগোম কেলেংকাৰি। এই কেলেংকাৰিৰ সম্পৰ্কত নগাওঁ আৰক্ষীয়ে এমাহ ধৰি তদন্ত  চলোৱাৰ অন্তত কালি  কেলেংকাৰিটোৰ লগত জড়িত থকাৰ অপৰাধত দুৰ্নীতি পৰায়ণ চক্ৰটোৰ এজনক গ্রেপ্তাৰ কৰে।

Apply Now

অৱশ্যে ঘটনাৰ মূল নায়ক মনোৱাৰ হুছেইন ফাৰুকী (বাবলু)ৰ উপৰি বিদ্যালয়খনৰ আন কেইজনমান শিক্ষক-কৰ্মচাৰী, বেংকৰ  গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী বৰ্তমানেও মুকলি আকাশৰ তলত। এই কেলেংকাৰিক লৈ  সমগ্ৰ নগাঁও জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য, ‘এণ্টী কৰাপচন চিভিল ছচাইটি, অসম’ নামৰ সংগঠনটোৰ সভাপতি ওৱাইজুল হকে আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত কৰা অভিযোগ অনুসৰি,  বিগত ২০১৩-১৪ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষলৈকে সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামত আবণ্টিত হৈছিল কোটি কোটি টকা। এই ধনক লৈয়ে সংঘটিত হৈছিল বৃহৎ কেলেংকাৰি।

অভিযোগ মতে নগাঁও আৰু মৰিগাঁও জিলা দুখনত সৰ্বাধিক পৰিমাণৰ ধনৰ কেলেংকাৰি সংঘটিত হৈছে। নগাঁও জিলাৰ বটদ্ৰৱা আৰু জুৰীয়া শিক্ষা খণ্ডৰ অন্তর্গত  নব্বৈখনতকৈ অধিক বিদ্যালয়ত এই জলপানিৰ ধনক লৈ কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ আছে। সংবাদ মাধ্যমত ধাৰাবাহিকভাবে এটাৰ পিছত এটাকৈ এই কেলেংকাৰিৰ বাতৰি প্ৰকাশ হোৱাৰ  পিছত অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল নগাওঁ জিলাৰ আৰক্ষীয়ে।

প্ৰায় এমাহ ধৰি চলি থকা তদন্তৰ সময়ত আৰক্ষীয়ে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বৰ্তমানৰ ভাৰপ্রাপ্ত অধ্যক্ষৰ লগতে কেইবাজনো শিক্ষক-কৰ্মচাৰীক নগাওঁ, বটদ্ৰৱা আৰু ডুমডুমীয়া আৰক্ষী থানাত সোধা-পোছা কৰিছিল। অৱশেষত ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামত ডুমডুমীয়া বিদ্যালয়ত সংঘটিত  কেলেংকাৰিৰ অভিযোগত কালি নগাওঁ আৰক্ষীয়ে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছনুজ জামান আনচাৰীক গ্ৰেপ্তাৰ কৰে।

আনহাতে, এইখন বিদ্যালয়ৰ লগতে নগাঁও-মৰিগাওঁ জিলাৰ  কেইবাখনো বিদ্যালয়ত বিগত তিনি-চাৰি বৰ্ষত সংঘটিত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধন আত্মসাতৰ ঘটনাৰ মূল নায়ক মনোৱাৰ হুছেইন ফাৰুকীৰ লগতে এক বৃহৎ চক্ৰ জড়িত থকাৰ গুৰুতৰ অভিযোগ আছে।

আন এক অভিযোগ অনুসৰি, জলপানিৰ ধনৰ  বৃহৎ কেলেংকাৰি সংঘটিত কৰা মনোৱাৰ হুছেইনে আৰক্ষীৰ জালত পৰি কাৰাগাৰলৈ যোৱাৰ ভয়ত উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন দাখিল কৰিছিল। এই সম্পৰ্কত  ন্যায়ালয়ে অহা ২৪ জুলাইত আৰক্ষীক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ জাননী দিয়ে।

ইফালে, বটদ্ৰৱা আৰক্ষীয়ে হাছানুজ জামান আনচাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৩৬/১৮  নম্বৰত এক গোচৰ ৰুজু কৰিব জেৰা অব্যাহত ৰাখিছে। এই প্ৰসংগত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ ধনৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা কেলেংকাৰিত শিক্ষক হাছানুজ জামান জড়িত থকাৰ বহুখিনি তথ্য পোৱা গৈছে। তেওঁ আৰু কয় যে আটকাধীন হাছানুজ জামানৰ উপৰি আৰু কেইবাজনো শিক্ষক-কৰ্মচাৰী এই ঘটনাত জড়িত আছে। অতি শীঘ্ৰে এইসকলক গ্ৰেপ্তাৰ কৰা হ’ব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd