সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত হৈছে ২০০ কোটি টকাৰ কেলেংকাৰি : কৃষক মুক্তি

IMG-20180806-WA0010

বৰপেটা প্ৰেছ ক্লাবত কৃষক মুক্তিয়ে সম্বোধন কৰা সংবাদমেলৰ দৃশ্য

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহন কৰি অহা বুলি ব্যাপক প্ৰচাৰ চলাই অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনত এতিয়াও অব্যাহত আছে বিয়াগোম কেলেংকাৰি ৷  এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

বৰপেটা প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৱে উল্লেখ কৰি কয় যে, বৰ্তমানৰ চৰকাৰৰ দিনত ২০১৭- ১৮ বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত ৰাজ্যখনত প্ৰায় ২০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে ৷ বৰপেটা জিলাত প্ৰায় ১০কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি সংগঠনটোৱে অভিযোগ আনে ৷

কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় ক্ৰমে কাজী নাজিমুল হক আৰু দণ্ডীনাথ বৰ্মনে সংবাদ মেলত সদৰি কৰে যে, সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষইও সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত ৰাজ্যখনত বৃহৎ অনিয়ম হোৱা বুলি স্বীকাৰ কৰিছে যদিও এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহন নকৰাত সংগঠনটোৱে আক্ষেপ প্ৰকাশ কৰে ৷

উল্লেখ্য যে এই অনিয়ম সন্দৰ্ভত বৰপেটা জিলাৰ ৪৪খন বিদ্যালয়ৰ বিৰুদ্ধে সংখ্যালঘু উন্নয়ন বোৰ্ডে তদন্ত কৰাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰা হোৱা বুলি সংবাদমেলত নেতাদ্বয়ে উল্লেখ কৰে। কিন্তু প্ৰশাসনে আজিলৈ উক্ত কেলেংকাৰীৰ কোনোধৰণৰ তদন্ত নকৰাটো ৰহস্যজনক বুলি সংগঠনটোৰ নেতৃবৃন্দই মন্তব্য কৰা দেখা যায় ৷