সংবাদ মাধ্যমে চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখক : মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰয়াত সাংবাদিকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ এটা মুহূৰ্ত। য়ু বি ফটোজ

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত শুকুৰবাৰে শ্ৰীমন্ত মাধৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰয়াত তথা নিৰুদ্দিষ্ট সাংবাদিকৰ পৰিয়াললৈ সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি সাংবাদিক সকলক উদ্দেশ্যি বহুতো মন্তব্য আগবঢ়ায়। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সমাজৰ স্বাৰ্থত আত্মবলিদান দিয়া ৩২ গৰাকী শ্বহীদৰ ত্যাগ চৰকাৰে কেতিয়াও অথলে যাব নিদিয়ে। তেওঁলোকৰ আদৰ্শৰে উদ্বুদ্ধ হৈ নৱপ্ৰজন্মই সমাজ গঢ়ি তুলিব পাৰিলেহে তেওঁলোকৰ ত্যাগৰ মূল্য দিব পাৰিব। বক্তৃতা প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকসকলক নিৰ্ভীক আৰু নিৰপেক্ষভাৱে সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ কোৱাৰ লগতে চৰকাৰৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। আনহাতে পঞ্চায়ত পৰ্য্যায়ৰ পৰা মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়লৈকে দুৰ্নীতি আতৰ কৰিবলৈ সংবাদ মাধ্যমে  দৃষ্টি ৰাখিব লাগিব বুলিও উক্ত সম্বৰ্ধনা অনুষ্ঠানত ব্যক্ত কৰে।

তদুপৰি সংবাদ মাধ্যমে চৰকাৰৰ কিবা কামত ভূল-ক্ৰুটি দেখিলে সংকোচবিহীনভাবে সমালোচনা কৰিব পাৰে বুলি সাহায্য প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে সদৰি কৰে। সেই সভাতে তেওঁ চৰকাৰখনক দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানত সহায়-সহযোগিতা আগবঢ়োৱা সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভবিষ্যতে সামাজিক নিৰাপত্তা ৰক্ষা, সন্ত্ৰাসবাদ আৰু দুৰ্নীতি মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে যৌথভাবে কাম কৰি যাবলৈ আহ্বান জনায়।

সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থকা মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ভাষণৰ মাজতে দুখ প্ৰকাশ কৰি কয় যে সমাজৰ ভুল ক্ৰুটিবোৰ আঙুলিয়াই দি অহা সাংবাদিক সকলক হত্যা কৰাটো অতি দুখজনক। ধন টকা পইচাৰে সাংবাদিকৰ সমাজৰ প্ৰতি থকা অবদান জুখিব নোৱাৰি যদিও প্ৰয়াত সাংবাদিক সকলক সন্মান প্ৰদৰ্শনৰ বাবেহে এই প্ৰয়াস কৰিছে বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙে সাংবাদিক সকলক ‘কলমৰ চিপাহী’ বুলি অভিহিত কৰে। এই অনুষ্ঠানত চৰকাৰে প্ৰয়াত সাংবাদিক সকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ উপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰি উলিওৱা ‘শ্ৰদ্ধাৰ একাঁজলি’ আৰু ‘মধ্যপ্ৰদেশ-এক অনন্য যাত্ৰা’ শীৰ্ষক গ্ৰন্থ দুখনো উন্মোচন কৰে।

আনহাতে ১৯৯৬ চনতে কোনো  দুষ্কৃতিকাৰীৰ গুলীত প্ৰাণ হেৰুওৱা পৰাগ দাসৰ পৰিয়ালৰ লোকক অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিল যদিও দাসৰ পৰিয়ালে বিনয়ীভাবে সাহায্য গ্ৰহণ নকৰাৰ কথা পত্ৰযোগে জানিবলৈ দিয়ে আৰু এই ধন সাংবাদিকৰ কল্যাণৰ বাবে ব্যবহাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়।