সঘন ফগিঙৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে সতৰ্কবাণী স্বাস্থ্য বিশেষজ্ঞৰ

Fogging

উৎস: ইণ্টাৰনেট

আগন্তুক বাৰিষাত হ’ব পৰা ডেংগু আৰু এনকেফেলাইটিছৰ নিস্তাৰ পোৱাৰ বাবে গুৱাহাটীত ফগিং আৰম্ভ কৰাৰ যো-জা কৰাৰ সময়তে স্বাস্থ্য বিশেষজ্ঞসকলে সঁকিয়নি দিছে যে অত্যাধিক ফগিং কৰিলে স্বাস্থ্যৰ ক্ষতি হ্’ব পাৰে।

ৰোগ বিয়পোৱা মহৰ পৰা নিস্কৃতি পোৱাৰ বে ফগিং এটা কাৰ্যকৰী ব্যৱস্থা বুলি পৰিগণিত।কিন্তু স্বাস্থ্য বিষয়াসকলে আঙুলিয়াই দিছে যে ফগিং কৰা এলেকাসমূহত সঘনে বিষাক্ত গেছ নিৰ্গত হয়, ইয়াৰ ফলত ইয়াত বাস কৰা অন্য পতংগও ক্ষতিগ্ৰস্ত হয়।
ফগিং যিহেতু বেমাৰ বহনকাৰী মহ ধ্বংস কৰাৰ এটা কাৰ্যকৰী উপায়, সেয়েহে ৰাজ্যিক স্বাস্থ্য বিভাগে এই প্ৰত্যহ্বানটো গ্ৰহণ কৰিবলগীয়াত পৰিছে।

টাইম্‌ছ অব ইণ্ডিয়াক দিয়া এটা সাক্ষাৎকাৰত ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালকায়ৰ সহকাৰী সঞ্চালক কুমাৰেন্দ্ৰ নাথে কৈছে, ‘মহ ধ্বংস কৰা আৰু ডেংগু ভাইৰাছ বহনকাৰী এডিছ এজিপ্তি (Aedes aegypti) নিয়ন্ত্ৰণ কৰাৰ কাৰ্যকৰী উপায় হৈছে ফগিং। কিন্তু আমি মনত ৰাখিব লাগিব যে ফগিং সঘনে কৰাটো অনুচিত, কাৰণ ইয়াত ব্যৱহাৰ কৰা কীটনাশকে পৰিৱেশতন্ত্ৰত বাস কৰা অন্য কীট আৰু অনুজীৱসমূহকো মাৰি পেলায়। প্ৰকৃতিৰ ভাৰসাম্য কক্ষা কৰাৰ বাবে এই জীৱসমূহ বৰ্তি থকাটো প্ৰয়োজন’।

ফগিঙৰ সময়ত পাইৰেথ্‌ৰিন নামৰ কীটনাশকবিধ ডিজেলৰ সৈতে ১:৯ অনুপাতত মিহলোৱা হয়। যিহেতু ডেংগু আদি ভাইৰাছজনিত ৰোগৰ কোনো নিশ্চিত চিকিৎসা নাই, আৰু চিকিৎকে ইয়াৰ কেবল লক্ষণগত চিকিৎসাহে আগবঢ়াব পাৰে সেয়েহে ফগিং কমাই দিয়াটো মুঠেই সমিচীন নহয়।

অন্য পতংগ আৰু জীৱৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱৰ কথা অনুধাৱন নকৰি ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা এলেকাত জনসাধাৰণে সঘনে ফগিং কৰাটো বিচাৰে বুলি নাথে কয়।