সদৌ অসম নাৰ্ছ সংস্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি প্ৰত্যাহাৰ

All-Assam-Nurses-Association-Protest-in-Guwahati-570x320

সদৌ অসম নাৰ্ছ সন্থৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

সদৌ অসম নাৰ্ছ সংস্থাই (All Assam Nurses association) তেওঁলোকৰ বিভিন্ন দাবীত অহা ১ জুলাইৰ পৰা আহ্বান জনোৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিছে বুলি আজি সংস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত হৈ যোৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়সমূহত কৰ্মৰত নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছিল নাৰ্ছ সংস্থাটোৱে।

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ঘোষণা কৰা সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পিখনত জি এন এমসকলৰ বাবে ব্যৱহাৰ হৈ থকা ষ্টাফ নাৰ্ছ পদবীৰ (designation ) বিলুপ্তি ঘটোৱাৰ লগতে গ্ৰে’ড পে’ৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি ঘটোৱা হৈছে বুলি সন্থাই অভিযোগ আনিছিল।

এই গ্ৰে’ড পে’ আৰু পদবীৰ সমস্যাৰ আসোঁৱাহবোৰ অৱগত কৰি অসম নাৰ্ছ সংস্থাই সংশোধনৰ বাবে আসোঁৱাহ নিৰাময় কমিটীৰ ওচৰত যোৱা বছৰৰে ৫ জুলাইত আৱেদন দাখিল কৰিছিল।

কিন্তু বিষয়টোৰ এতিয়াও কোনো সমাধান ওলোৱা নাই অথবা চৰকাৰে ইয়াৰ সমাধানৰ ইংগিত দিয়া নাই। সেয়ে নাৰ্ছ সংস্থাই অহা ১ জুলাইৰ পৰা কৰ্ম বিৰতিৰে আন্দোলন ঘোষণা কৰিছিল।

কিন্তু আজি নাৰ্ছ সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে শীৰ্ষ কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনা মৰ্মে এই কৰ্মবিৰতিৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰা হৈছে।