সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত আজি দিছপুৰ লাষ্টগেইটত ধৰ্ণা

Seventh_Pay_Commission

লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ স্বাৰ্থ জড়িত হৈ থকা সপ্তম দৰমহা আয়োগৰ হাৰৰ দৰমহা ৰাজ্য চৰকাৰখনে ২০১৬ চনৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই দৰমহা গাঁথনি কাৰ্য্যকৰী কৰাৰ বাবে নিখুঁত পৰিকল্পনা এটাৰ দৰকাৰ, যাতে কোনো কৰ্মচাৰী ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নহয়।

কৰ্মচাৰী সংগঠনসমূহৰ দাবী আৰু পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে ইয়াৰ বাবে এখন কমিটী গঠন কৰি দিছিল যদিও সেই কমিটীৰ প্ৰতিবেদনত কি আছে সেইটো ৰাজহুৱা নকৰাকৈয়ে চৰকাৰে কাম কৰিবলৈ আগ বঢ়িছে। এই অভিযোগ কৰিছে সদৌ অসম কৰ্মাচাৰী ফেডাৰেইশ্যনে।

সংগঠনটোৰ অভিযোগমতে কৰ্মচাৰী সংগঠনসমূহৰ লগতে আলোচনা নকৰাকৈয়ে ‘আঁসোৱাহ কমিটী’য়ে ভুল-ভ্ৰান্তিৰে ঠাহ খোৱা প্ৰতিবেদন পোনে পোনে দাখিল কৰে চৰকাৰৰ ওচৰত।

এটা প্ৰেছ বিজ্ঞপ্তি যোগে এই অভিযোগ উত্থাপন কৰি সদৌ অসম কৰ্মাচাৰী ফেডাৰেইশ্যনৰ সাধাৰণ সম্পাদক নৱ কুমাৰ পাটগিৰীয়ে প্ৰকাশ কৰিছে যে ফেডাৰেইশ্যনে এনে সিদ্ধান্তৰ বিৰোধিতাৰ লগতে আৰু এলানি দাবী লৈ ২৮ মাৰ্চত দিচপুৰ লাষ্টগেইটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা।

প্ৰেছ বিজ্ঞপ্তিটোত সদৌ অসম কৰ্মচাৰী ফেডাৰেইশ্যনৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অম্বিকাচৰণ বৈশ্য আৰু নৱ কুমাৰ পাটগিৰীয়ে প্ৰকাশ কৰে যে আজি গ্ৰেড পে’ আৰু পে’ বেণ্ডৰ আসোঁৱাহসমূহ দূৰ কৰাৰ লগতে আসোঁৱাহ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰ লগতে তিনিটা এম এ চি পিৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে চাৰিটা এম এ চি পিৰ দাবীৰ লগতে মুঠ ১২টা দাবীৰ ভিত্তিত লাষ্টগেইটত ধৰ্ণা  কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

অন্যান্য দাবীসমূহ হ’ল– পাৰ্বত্য জিলাসমূহৰ লগতে বি টি এ ডিৰ জিলাসমূহৰ কৰ্মচাৰীৰ দৰমহা আৰু বকেয়া আদায়, ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ বন্ধ কৰা, অসম ৱেলফেয়াৰ ছ’চাইটি বাতিল, ঠিকাভিত্তিক নিযুক্তি বাতিল কৰি খালী পদসমূহত স্থায়ী নিযুক্তি আৰু পদোন্নতি, উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সৰ্বস্তৰৰ মাষ্টাৰৰোল, কেজুৱেল, ঠিকা-চুক্তিভিত্তিক শ্ৰমিক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বিভাগীয় সেৱাবিধিসমূহ পূৰ্ণাংগ ৰূপত প্ৰকাশ কৰা। একে পদত কৰ্মৰতসকলৰ পে’ বেণ্ড আৰু গ্ৰেইড পে’ সমান কৰা, খালী হোৱা চালক, হেণ্ডিমেন, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ পূৰণ কৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সেৱিকাসকলৰ চাকৰি নিয়মীয়া কৰা আৰু অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ প্ৰদেশিকীকৰণ কৰা।

প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে ফেডাৰেইশ্যনে সকলো চৰকাৰী কৰ্মচাৰীক ধৰ্ণা কাৰ্যসূচীত অংশ ল’বলৈ  আহ্বান জনাইছে।