• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাজ কল্যাণ বিষয়া হৈয়ো ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰৰ কৰাৰ অভিযোগ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে

সুস্মিতা ভট্টাচাৰ্য্য by সুস্মিতা ভট্টাচাৰ্য্য
February 16, 2018 6:32 pm
JorhatBlindSchoolProtest

যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰতিবাদত নমা যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী।

160
VIEWS
Share on FacebookShare on Twitter

সমাজ কল্যাণ বিভাগৰ বিষয়া হৈয়ো দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ প্ৰতি প্ৰয়োজনীয় সহমৰ্মিতা নথকা যোৰাহাট দৃষ্টিহীন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ বিৰুদ্ধে প্ৰিতবাদত নামিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভুগি থকা দীৰ্ঘদিনীয়া অৱহেলা তথা অন্যায় ব্যৱহাৰৰ প্ৰতিবাদত তথা বিদ্যালয়খনত বিজ্ঞান আৰু গণিতৰ শিক্ষক নিযুক্তি নিদিয়াৰ অভিযোগ তুলি আজি ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি জিলা উপায়ুক্তৰ কাৰ্য্যলয় চৌহদত অৱস্থান গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত তেওঁলোকে বিদ্যালয়খনৰ অধ্যক্ষাকে ধৰি কেইজনমান শিক্ষক-শিক্ষয়িত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী বেবি সাধনী দাসে কয় যে বিজ্ঞান আৰু গণিতৰ শিক্ষক নথকাৰ ফলত পৰীক্ষাৰ আগ মুহূৰ্তত তেওঁলোকৰ সন্দেহ নিৰসন কৰিবলৈ সহায় কৰাৰ কোনো উপায় নাই।

লগতে তেওঁ অভিযোগ কৰে যে সংগীত আৰু নৃত্যৰ প্ৰেকটিকেল পৰীক্ষাৰ বিষয়ে শিক্ষকে তেওঁলোকক আগতীয়াকৈ জনোৱা নাছিল। ইয়াৰ ফলত তেজপুৰৰ এজন ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰিলে। কাৰণ তেওঁক পৰীক্ষাৰ দিনা পুৱাহে টেলিফোন যোগে জনোৱা হৈছিল। পিছদিনা ছাত্ৰীগৰাকী আহিলত তেওঁৰ পৰীক্ষা লোৱা হয়, যাতে বিদ্যালয় কৰ্তৃপক্ষই নিজৰ ভুল নোহোৱা দেখুৱাব পাৰে। ছাত্ৰীগৰাকীয়ে এইদৰে কয়।

আন এজন ছাত্ৰই কয় যে বিদ্যালয়খনত কোনো গ্ৰন্থাগাৰিক নাই। ফলত আলমিৰাত তলা বন্ধ কৰি থোৱা কিতাপবোৰ তেওঁলোকে ব্যৱহাৰৰ পৰা বঞ্চিত হৈছে।

ছাত্ৰ-ছাত্ৰীসকলে কয় যে কেইবাবাৰো অভিযোগ দিয়া সত্ত্বেও কোনেও তেওঁলোকৰ অভিযোগৰ ওপৰত ব্যৱস্থা লোৱা নাই।

‘এইবোৰ কথা দীৰ্ঘদিনৰ পৰা কৈ আহিছো যদিও আমাৰ বিদ্যালয়ৰ অধ্যক্ষা সংগীতা বৰঠাকুৰে এই ক্ষেত্ৰত আমাৰ সৈতে কোনো কথা পতা নাই। আন এজন শিক্ষকে আমাক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাঁৰি থাকে।’ এইদৰে কয় আন এজন ছাত্ৰই।

উল্লেখযোগ্য যে জিলাখনৰ সমাজ কল্যাণ বিষয়া সংগীতা বৰঠাকুৰ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা হৈ আছে।

বিদ্যালয়খনৰ অধ্যক্ষা বৰঠাকুৰ আৰু আন দুজন কৰ্মচাৰী নিৰোদ দেউৰী আৰু ৰুবি দাস জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক লগ কৰি পৰিস্থিতিটো অৱগত কৰে।

উপায়ুক্ত মিট্টালে কয় যে সমস্যাবোৰৰ সমাধান কৰিবলৈ দিহা কৰা হৈছে। সৰ্ব শিক্ষা অভিযানৰ পৰা শিক্ষক আনি গণিত আৰু বিজ্ঞান শিকোৱাৰ ব্যৱস্থা কৰিব।

আনহাতে দুৰ্ব্যৱহাৰৰ প্ৰসংগত উপায়ুক্তজনে কয় যে তেওঁ অধ্যক্ষা আৰু তেওঁৰ সহকৰ্মীসকলক ছাত্ৰী-ছাত্ৰীসকলক ভাল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd