সমৃদ্ধিশালী আৰু শান্তিৰ নেপাল নিৰ্মাণ কৰাৰ এয়া এক ঐতিহাসিক সময়: কে পি শৰ্মা অ’লি

File Photo: Nepal PM K P Sarma Oli

এক সমৃদ্ধিশালী আৰু শান্তিৰ নেপাল নিৰ্মাণ কৰাৰ ঐতিহাসিক সময় আৰম্ভ হৈছে। নেপালৰ নৱনিযুক্ত প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে এই তাৎপৰ্যমূলক মন্তব্য কৰে বুলি কাঠমাণ্ডু এক্সপ্ৰেছত প্ৰকাশ পায়।

প্ৰকাশিত তথ্য অনুসৰি সোমবাৰে টুন্দিখেলত নেপালৰ ৬৮ সংখ্যক গণতান্ত্ৰিক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত এই মন্তব্য কৰে প্ৰধান মন্ত্ৰীজনে। তেওঁ কয় যে নেপালক উন্নয়নৰ দিশে আগবঢ়াই নিয়াটো এক বহু বছৰীয়া সপোন, দেশত ৰাজনৈতিক স্থিৰতা অনা আৰু এখন সমৃদ্ধিশালী আৰু শান্তিৰ নেপাল নিৰ্মাণ কৰা।

তেওঁ পুনৰ কয় যে দেশত তিনি তৰপীয়া নিৰ্বাচনৰ অন্তত দেশত এখন চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে।

‘সাৰ্বভৌম ক্ষমতাক সন্মান, ৰাষ্ট্ৰীয় ঐক্য, জনসাধাৰণৰ সুৰক্ষা, শাসন ব্যৱস্থা, এখন ভাল চৰকাৰ, স্থিৰতা, উন্নয়ন আৰু সমৃদ্ধিশালী দেশ নিৰ্মান কৰাত গুৰুত্ব প্ৰদান কৰিব’ প্ৰধান মন্ত্ৰী অ’লিয়ে কয়।

তেওঁ উল্লেখযোগ্য মন্তব্য কৰি কয় যে দেশখনে বহু বাধা অতিক্ৰম কৰি আজিৰ এই অৱস্থাত উপনীত হৈছেহি। তেওঁ লগতে কয়, ‘নেপালৰ জনসাধাৰণৰ মুখত হাঁহি বিৰিঙাবলৈ তথা সকলো আশা আকাংক্ষা পূৰণ কৰিবলৈ এক মেগা অভিযান আৰম্ভ হৈছে’।

প্ৰধান মন্ত্ৰী অ’লিয়ে সকলো ৰাজনৈতিক দল তথা জনসাধাৰণক দেশৰ উন্নয়নৰ স্বাৰ্থত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

‘দেশৰ জনসাধাৰণে দীৰ্ঘদিনীয়া সপোন পূৰণ কৰাৰ এক সুযোগ লাভ কৰিছে। সকলো লোক একগোট হৈ দেশখন শান্তি তথা সমৃদ্ধিশালী কৰি তোলাত সহায় আগবঢ়াওক’, নৱনিযুক্ত প্ৰধান মন্ত্ৰী অ’লিয়ে উক্ত অনুষ্ঠানতে এইদৰে মন্তব্য কৰে।