সহযোগিতামূলক, প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত গুৰুত্ব আৰোপ সোণোৱালৰ

CM-at-India-Economic-Summit-1-570x320

২৭এপ্ৰিলৰ ভাৰত অৰ্থনীতি শীৰ্ষ সন্মিলন-২০১৮ত মুখ্য মন্ত্ৰী সোণোৱাল: মুখ্য মন্ত্ৰীৰ জন সম্পৰ্কৰক্ষী কোষৰ সৌজনত

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ ৰাজ্যসমূহৰ বিকাশৰ বাবে সহযোগিতামূলক, প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰতগুৰুত্ব আৰোপ কৰিছে।

মুম্বাইত ২৭এপ্ৰিলত অনুষ্ঠিত অৰ্থনীতি শীৰ্ষ সন্মিলন-২০১৮ অংশগ্ৰহণ কৰি ‘বিকাশৰ নতুন চালিকাশক্তি হিচাপে ৰাজ্য’ শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য ৰাখি সোণোৱালে এইদৰে কয়। বোম্বে ষ্টক একচেঞ্জৰ সহযোগত দুদিনীয়া আলোচনাচক্ৰখনৰ আয়োজন কৰে ফাউণ্ডেশ্যন ভাৰতে।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰধান মন্ত্ৰী সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰিছে আৰু আঠখন ৰাজ্যক ৰাষ্ট্ৰৰ চালিকাশক্তি আখ্যা দিছে। প্ৰধান মন্ত্ৰীৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰেও ভ্ৰষ্টাচাৰৰ বিপক্ষে শূন্য সহনশীলতা প্ৰদৰ্শন নীতি গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে  এটা অনুকুল বাতাৱৰণ সৃষ্টি কৰি আছে।

যি দৰে ব্যক্তিগত উদ্যোগী বা কোম্পানীসমূহে তেওঁলোকৰ বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে,  তেনেদৰে ৰাজ্যসমূহেও স্বাধীনভাৱে বিনিয়োগ আন্ত্ৰণ কৰিব পাৰে। এইটোৱে ৰাজ্য চৰকাৰৰ আভ্যন্তৰিণ বাতাৱৰণ সঠিক ৰখা, ৰাজনীতি আৰু আন্তঃগাঁথনি উন্নত কৰা আৰু বিনিয়োগ আকৰ্ষণ কৰাত সুবিধা কৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষসন্মিলনত গুজৰাট চৰকাৰে লাভ কৰা সুফলৰ কথাৰ প্ৰসংগও টানি আনে।

এক্ট ইষ্ট পলিচিৰ মাজেৰে কেন্দ্ৰই ৰাজ্যখনক বিশ্বৰ আন অংশৰ সৈতে জৰিত হোৱাৰ বাবে উৎসাহ প্ৰদান কৰিছে। কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলক এক্ট ইষ্ট পলিচিৰৰ হৃৎপিণ্ড হিচাপে অৱলোকন কৰিছে আৰু ভাৰতৰ এছিয়ান (ASEAN)ৰ শীর্ষসন্মিলনত ই মূল বিষয় আছিল। তেওঁ কয় যে ইয়াৰ ফলত এছিয়ান দেশসমূহ উত্তৰ-পূবত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী হৈ পৰিব।

তেওঁ কেন্দ্ৰই ৰাজ্যসমূহক উৎসাহ প্ৰদান কৰা আৰু ব্যৱসায় কৰাৰ সাৱলীলতাৰ ওপৰত পদমৰ্যাদা প্ৰদান কৰাৰ কাৰণে কেন্দ্ৰ শলাগ লয়। এডভাণ্টেজ আছাম –গ্লোবেল ইনভেষ্টমেণ্ট ছামিটৰ অসমে লাভ কৰা বিনিয়োগৰ কথা উল্লেখ কৰে আৰু উত্তৰ-পূব ঔদ্যোগিক বিকাশ আঁচনি-২০১৭ (Northeast Industrial Development Scheme, 2017)ৰ যেগেদি অসমে এটা অৰ্থনৈতিক বিকাশৰ গতি লাভ কৰিব বুলি প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰীয়ে ইয়াতে ৰাজ্য চৰকাৰে আৰম্ভ কৰা ভালেমান অভিলাসী আঁচনিৰ কথাও উল্লেখ কৰে।

মহাৰষ্ট্ৰৰ মুখ্য মন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে তেওঁৰ ভাষণত মুখ্য মন্ত্ৰী সোণোৱালৰ নেতৃত্বৰ ভূয়সী প্ৰশংসা কৰে।

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভু আৰু অসমাৰিক বিমান পৰিবহনৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জয়ন্ত সিনহাও এই শীৰ্ষ সন্মিলনত উপস্থিত আছিল।