• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংগঠনিক স্থিতি মজবুত কৰাৰ বিপৰীতে যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ তৎপৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2018 1:53 pm
কংগ্ৰেছ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলটোৱে আগন্তুক নিৰ্বাচনসমূহৰ বাবে ককাঁলত টঙালি বান্ধি সাজু হৈছে যদিও দলটোৰ ভিতৰত চলি থকা আভ্যন্তৰীণ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ ফলত দলটোৱে এতিয়াও লক্ষ্য নিৰ্দ্ধাৰণত সফল হ’ব পৰা নাই।

আনহাতে, আগন্তুক যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ বাবে  প্রদেশ কংগ্রেছৰ কেইবাজনো জ্যেষ্ঠ নেতা, বিধায়ক ব্যস্ত হৈ পৰিছে। নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই এইসকল নেতাই এইদৰে সক্রিয় হৈ পৰিছে।

Apply Now

যুৱ কংগ্রেছৰ সভাপতিকে ধৰি বিভিন্ন পদত নিজৰ পচন্দৰ প্রার্থীক বিজয়ী কৰাবলৈ একাংশ জ্যেষ্ঠ নেতা, প্রাক্তন মন্ত্রী, বিধায়কে সৰ্বশক্তি প্রয়োগ কৰাৰ বাবে তৎপৰ হৈ উঠিছে। কিন্তু এই জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে সদস্যভর্তি অভিযানত কোনো প্ৰচেষ্টা নচলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

সদস্যভর্তিৰ বিষয়টোক গুৰুত্ব দিয়াৰ বিপৰীতে এতিয়া ৰাজনৈতিক প্রভাৱ খটুৱাই নিজৰ পচন্দৰ প্রার্থীক জয়ী কৰাবলৈ ব্যস্ত হৈ পৰা এই নেতাসকলৰ কৰ্ম কাণ্ডক লৈ ৰাজীৱ ভৱনত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

নিৰ্বাচনৰ বাবে প্ৰস্তুত হোৱা একাংশ প্রার্থীৰ নিজ নিজ সমষ্টিতো আনকি আশ্চৰ্যজনকভাৱে যুৱ কংগ্রেছৰ সদস্য ভর্তিৰ সংখ্যা পুতৌ লগা ধৰণৰ। দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে এইসকলৰ কোনো গুৰুত্ব দেখা পোৱা নগ’ল।

দলৰ জ্যেষ্ঠ নেতা তথা প্রার্থীসকলৰ এই দায়িত্বজ্ঞানহীনতাৰ বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে। সদস্য ভর্তিৰ বাবে এ আই চি চিয়ে দিয়া নির্দেশক গুৰুত্ব নিদি কেৱল ৰাজনৈতিক ক্ষমতাৰ বাবে তৎপৰ হৈ পৰা এই নেতাসকলে যুৱ কংগ্রেছৰ নির্বাচনত উবুৰি খাই পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে বিৰোধী দলপতি দেবব্রত শইকীয়াৰ সমষ্টি নাজিৰাত যুৱ কংগ্রেছৰ সদস্য ভর্তিৰ সংখ্যা হৈছে মাত্র ৩৬২গৰাকী। আনহাতে, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত সদস্য ভর্তিৰ সংখ্যা মাত্র ২৮০০গৰাকী।

একেদৰে যুৱ কংগ্রেছৰ সভাপতি পদৰ প্রার্থী জিতু গগৈৰ গৃহ সমষ্টি ডুমডুমাত সদস্যভর্তি হৈছে মাত্র ১৯০গৰাকী। আন এজন প্রার্থী প্রণৱ কলিতাৰ গৃহ সমষ্টি পলাশবাৰীত সদস্য ভর্তি হৈছে মাত্র ৩৪৮গৰাকী।

যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে ৰাজ্যখনত বৃহৎ সংখ্যাত সদস্য ভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰাটো দলটোৰ বাবে পৰিতাপৰ বিষয় হৈ পৰিছে। দলৰ সভাপতি ৰিপুন বৰায়ো এইক্ষেত্ৰত নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

ক্ষমতাৰ ৰাজনীতিত টিকি থাকিবলৈ সাংগঠনিক ভেটি মজবুত কৰাটো যে প্ৰাথমিক কাম আৰু সেই কামটোতে দলৰ একাংশ ক্ষমতাকাংক্ষী নেতাই গুৰুত্ব নিদিয়াত দলৰ শীৰ্ষ নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd