চানমাৰিৰ মলিন শৰ্মা নামৰ লোক এজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ দ্বাৰা অশান্তি আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বুলি এই গোচৰ তৰা হৈছে।
জানিব পৰা মতে মলিন শৰ্মাই গুৱাহাটী আৰক্ষী আয়ুক্তৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰখন আৰক্ষী আয়ুক্তই পানবজাৰ থানালৈ প্ৰেৰণ কৰে। পানবজাৰ আৰক্ষীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ১৫৩ এ/ ২৯৮/২৯৪/৫০৬ ধাৰাৰ অধীনত ৪৬৬/২০১৮ নং এটা গোচৰ ৰুজু কৰিছে।
ইপিনে, এন আৰ চিক লৈ মমতা বেনাৰ্জীয়ে কৰি অহা মন্তব্যৰ বিৰুদ্ধে অসমৰ বিভিন্ন স্থানত আজি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।
তেজপুৰৰ পৰোৱা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰে জাতীয়তাবাদী যুৱ সন্মিলনে। সংগঠনটোৱে এন আৰ চিকলৈ বিৰূপ মন্তব্য নকৰিবলৈও সকীয়াই দিয়ে।
তদুপৰি, তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সৈতে কোনো কাৰণতে মমতা বেনাৰ্জীৰ সমৰ্থনত কথা নাপাতিবলৈ জাতীয় দল-সংগঠন তথা বুদ্ধিজীৱীলৈ সংগঠনটোৱে আহ্বান জনাইছে।
আনহাতে, মমতা বেনাৰ্জীৰ মন্তব্যক লৈ চৰাইদেউ জিলাৰ সাপেখাতীতো কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কৰে।
উল্লেখযোগ্য যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিক লৈ অসমত গৃহযুদ্ধৰ সূচনা হ’ব বুলি মন্তব্য কৰিছিল।