NORTHEAST NOW (Assamese)

সাম্ভাব্য অনুপ্ৰৱেশ ৰোধৰ বাবে নাগালেণ্ড চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান নাগা পীপল্‌’ছ ফ্ৰণ্টৰ

July 31, 2018 8:37 pm · ভদ্ৰ গগৈ
Updated: July 31, 2018 10:52 pm

নাগা পীপল্‌’ছ ফ্ৰণ্ট লেজিলেশ্বাৰ পাৰ্টীয়ে আজি নাগালেণ্ড চৰকাৰক আহ্বান জনাইছে যাতে চৰকাৰে ততালিকে ৰাজ্যখনৰ সীমান্ত এলেকাসমূহত অধিক প্ৰশাসনিক আৰু আৰক্ষী বাহিনীৰ লোক মোতায়েন কৰে। সোমবাৰে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাচত হ’ব পৰা জন প্ৰব্ৰজনে নাগালেণ্ডত ভীৰ কৰাৰ শংকা কৰি এই গণ প্ৰব্ৰজনৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাত সহায়ক হোৱাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েনৰ পোষকতা কৰিছে নাগা পীপল্‌’ছ ফ্ৰণ্ট লেজিলেশ্বাৰ পাৰ্টীয়ে।

নাগা পীপল্‌’ছ ফ্ৰণ্ট লেজিলেশ্বাৰ পাৰ্টীয়ে এটা বিবৃতিত কৈছে, ”নাগালেণ্ডলৈ বৃহৎ সংখ্যক বিদেশী নাগৰিকৰ প্ৰব্ৰজন হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ এটা জৰুৰী প্ৰয়োজন আছে।”

এই বিষয়ত আশংকা প্ৰকাশ কৰা কেইটামান বেচৰকাৰী সংস্থাক প্ৰশংসা কৰি নাগা পীপল্‌’ছ ফ্ৰণ্ট লেজিলেশ্বাৰ পাৰ্টীয়ে চৰকাৰক অবৈধ অনুপ্ৰৱেশকাৰীসকলক প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

আনহাতে নাগা কাউঞ্চিল ডিমাপুৰে ৰাজ্য চৰকাৰক আন্তঃৰাজ্যিক আনুজ্ঞাপত্ৰ (inner line permit ) তাৎক্ষণিকভাৱে বলৱৎ কৰাৰ বাবে আহ্বান জনায়।

নাগা কাউঞ্চিল ডিমাপুৰে ইয়াৰ কাৰ্যবাহী সভাত সোমবাৰে বিষয়টো আলোচনা কৰে। কাউঞ্চিলে ডিমাপুৰ ৰে’লৱে ষ্টেশ্যন, নাগালেণ্ড গেট (গোলাঘাট ৰ’ড), দিল্লাই গেট, ডিমাপুৰ বিমানঘাটী আদি প্ৰৱেশ পথত প্ৰয়োজন অনুসৰি যিমান পাৰি শীঘ্ৰে সীমা পাৰপত্ৰ/আন্তঃৰাজ্যিক আনুজ্ঞাপত্ৰ গোট গঠন কৰাৰ আহ্বান জনায়।

কাউঞ্চিলে আৰু কৈছে যে অত্যাধুনিক ধৰা পেলাব পৰা ব্যৱস্থা/সঁজুলি আৰু আন্তঃগাঁথনিসহ এই নিয়ন্ত্ৰণ গোটসমূহৰ দায়িত্ব এচাম নিয়মানুৱৰ্তী,শিক্ষিত আৰু পেছাদাৰী বাহিনীৰ হাতত  ন্যস্ত কৰিব লাগে। তেওঁলোকে নাগা লোকসকলৰ চিনাকী কোনো লোভৰ বশৱৰ্তী হৈ বিক্ৰী কৰাৰ সলনি সুৰক্ষিত কৰি ৰাখিব।

Related News