সেউজ ন্যায়াধিকৰণৰ কঠোৰ স্থিতি : দেওপাহাৰ বনাঞ্চলৰ হাতীপটিত বনোৱা পকী দেৱাল ভাঙি পেলোৱাৰ নিৰ্দেশ বাহাল

ngt

ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ সময়তে হাতী অহা-যোৱা কৰা বাট বন্ধ কৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই পকী দেৱাল নিৰ্মাণ কৰা আৰু বহু সংখ্যক মূল্যৱান গছ কাটি গ’ল্ফ ক’ৰ্ছ নিৰ্মাণ কৰা কাৰ্য্যৰ বিৰুদ্ধে দৃষ্টান্তমূলক কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এখন আৱেদনৰ ভিত্তিত এন আৰ এলে দেওপাহাৰ বনাঞ্চলত হাতীপটিত নিৰ্মাণ কৰা পকী দেৱালখন ভাঙি পেলাবলৈ ২০১৬ চনৰ ২৪ আগষ্টত নিৰ্দেশ দিছিল। কিন্তু এন আৰ এলে এই ৰায় পুনৰ বিবেচনাৰ বাবে আৱেদন (ৰিভিউ এপ্লিকেশ্যন নং ২৯/২০১৬) কৰিছিল।

কিন্তু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা ৩ আগষ্টত অনুষ্ঠিত হোৱা শুনানিত ২০১৬ চনৰ নিৰ্দেশটোকে বাহাল ৰাখে। “আমি ২০১৬ চনৰ ২৪ আগষ্টৰ নিৰ্দেশটো পুনৰ বিবেচনা কৰি চোৱাৰ বাবে কোনো ভিত্তি বিচাৰি নাপালো।” এইদৰে কোৱা হয় ৰায়টোত। ফলত পূৰ্বৰ ৰায়টোৱেই বাহাল থাকে।

উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীৰ গোচৰটোৰ ২০১৬ চনৰ ২৪ আগষ্টৰ ৰায়টোত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্মাণবোৰ এমাহৰ সময়ৰ ভিতৰত ভাঙি পেলাবলৈ কোৱা হৈছিল।

আনহাতে উক্ত অঞ্চললৈ এন আৰ এলৰ প্ৰস্তাৱিত উপনগৰৰ সম্প্ৰসাৰণো বাৰণ কৰিছিল ৰায়টোত। তাৰোপৰি নিৰ্দেশটোত এন আৰ এলে গল্ফ্‌ ক’ৰ্ছ নিৰ্মাণৰ নামত অযথা গছ কটাৰ বাবত বন বিভাগক ২৫ লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈও এন আৰ এলক কোৱা হৈছিল। লগতে এন আৰ এল কৰ্তৃপক্ষই যিমান সংখ্যক গছ কাটিলে, তাৰ দহগুণ গছ ৰোপণ কৰিবলৈও কোৱা হৈছিল নিৰ্দেশটোত।