NORTHEAST NOW (Assamese)

সোপাধৰাৰ অপপ্ৰচাৰৰ আঁৰত আছে ৰাজনৈতিক ষড়যন্ত্ৰ : অখিল

June 11, 2018 10:13 pm · অনিৰ্বাণ পাঠক
অখিল গগৈ। ফাইল ছবি।

ৰাজ্যৰ অন্তৰাত্মা কঁপাই যোৱা কাৰ্বি আংলঙৰ ডকমকা-কাণ্ডৰ বিৰুদ্ধে সৰৱ হ’বলৈ গৈ আজি কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে চৰকাৰ, বিজেপি দল আৰু আৰ এছ এছৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ আনে। কৃষক নেতাজনে কয় যে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো তল পেলাবলৈ বিজেপিয়ে সোপাধৰাৰ অপপ্ৰচাৰ চলাইছে।

উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাৱঁত নীলোৎপল দাস আৰু অভিজিত নাথ নামৰ যুৱক দুজনে অন্ধবিশ্বাসী মানুহৰ জিঘাংসাৰ বলি হৈ মৃত্যুক সাৱটিব লগা হৈছিল যোৱা ৮ জুনৰ নিশা।

আজি এখন সংবাদমেলত উক্ত ঘটনাৰ পৃষ্ঠভূমিৰ বহু কথাই টানি আনে অখিল গগৈয়ে। বিশেষকৈ সোপাধৰাৰ অপপ্ৰচাৰেৰে আতংক বিয়পাই মানুহৰ মাজত এনেকুৱা পৰিস্থিতি আৰু উত্তেজনা সৃষ্টি কৰাটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কয় নেতাজনে। তেওঁ কয় যে এন আৰ চিৰ বিষয়টো তল পেলাবৰ বাবে বিজেপিয়ে সোপাধৰাৰ অপপ্ৰচাৰ চলাইছে।

আনহাতে কাৰ্বি আংলঙৰ এছ পি ছিণ্ডিকেইটৰ সৈতে জড়িত বুলিও আজি অখিল গগৈয়ে গুৰুতৰ অভিযোগ আনে সংবাদমেলত।

লগতে তেওঁ এই ঘটনাটোৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলে।

তেওঁ অভিযোগ কৰে যে ফেইচবুক আৰু টুইটাৰত অপপ্ৰচাৰ চলোৱা সকলোবোৰ আৰ এছ এছৰ মানুহ। স্পেচিয়াল ব্ৰান্সৰ ছত্ৰছায়াতে এই কাম চলি আছে।

কৃষক নেতাজনে আজিৰ সংবাদমেলৰ জৰিয়তে নীলোৎপল আৰু অভিজিত হত্যাকাণ্ডৰ চি বি আই তদন্ত দাবী কৰে। ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰো দাবী তোলে।

Related News