NORTHEAST NOW (Assamese)

স্থানীয় লোকে চীনা ভাষাত লিখা ৰহস্যজনক যন্ত্ৰ উদ্ধাৰ কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ গাঁৱত আতংক

February 24, 2018 12:32 pm · এন ই নাও নিউজ
এনডিটিভিৰ সৌজন্যত

অৰুণাচল প্ৰদেশৰ এখন গাঁৱৰ লোকে ওপৰত চীনা ভাষাত লিখা থকা এটা লেপটপ আকৃতিৰ ধাতবীয় যন্ত্ৰ বিচাৰি পোৱাৰ পিছত গাঁৱবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এনডিটিভিৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

চীনৰ তৈয়াৰী বুলি অনুমান কৰা যন্ত্ৰটো চীনৰ সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ আঁতৰৰ ৰাজ্যখনৰ কামেল জিলাৰ এখন গাঁৱত পোৱা গৈছে। স্থানীয় আৰক্ষীৰ উদ্ধৃতি দি এই বাতৰিটো পৰিৱেশন কৰা হৈছে।

ৰাজ্যখনৰ ৰাজধানী ইটানগৰৰ পৰা ১৪০ কিলোমিটাৰ আঁতৰৰ কামেল জিলাৰ এই গাঁৱখনত স্থানীয় লোকসকলে পোৱা যন্ত্ৰটো আৰক্ষীৰ মতে চীনৰ আকাশী পৰ্যবেক্ষণ যন্ত্ৰ বা উচ্চ-শিখৰৰ পৰা বতৰ নিৰীক্ষণৰ এক যন্ত্ৰ হ’ব পাৰে।

এনডিটিভিৰ সৌজন্যত

বাতৰিটোত লগতে কোৱা হৈছে যে ফৰেইচিক বিশেষজ্ঞসকলে ইয়াৰ প্ৰকৃতি আৰু উদ্দেশ্য সম্পৰ্কে অনুসন্ধান চলাই আছে।

বাতৰি অনুসৰি ইয়াৰ মাজতে নতুন দিল্লীৰ সংশ্লিষ্ট কৰ্তৃপক্ষক এই ৰহস্যজনক যন্ত্ৰটোৰ বিষয়ে অৱগত কৰা হৈছে।

বাতিৰটোত উল্লেখ কৰা অনুযায়ী অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ মতে ৰহস্যজনক যন্ত্ৰটো উদ্ধাৰ হোৱা অঞ্চলটোৰ গাঁৱখনৰ অৱস্থিতি অতি ভিতৰুৱা তথা সহজতে ঢুকি নোপোৱা আৰু কমেও পাঁচ ঘন্টা খোজকাঢ়ি যোৱাৰ পিছতহে তাত ওলাবগৈ পাৰি।

Related News