‘মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছতাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছা ভাৰত অভিযান ২০১৪ চনৰ ২ অক্টোবৰত সমগ্ৰ ভাৰতজুৰি আৰম্ভ কৰিছিল। এই অভিযান এতিয়া কেৱল মাত্ৰ চৰকাৰী অভিযান হিচাপে সীমাবদ্ধ হৈ থকা নাই। ই বৰ্তমান জনগণৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত হৈছে। ৰাইজে এতিয়া স্বচ্ছতা কাৰ্যসূচীক এক ৰাষ্ট্ৰীয় দায়িত্ব হিচাপে গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যখনতো এই অভিযান সৰ্বান্তকৰণেৰে সফল কৰাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা ল’ব লাগিব।’ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশিষ্ট চলচ্চিত্ৰ নিৰ্দেশক উপকূল বৰদলৈৰ পৰিচালনাত নিৰ্মাণ কৰা ‘অজানিতে মনে মনে’ শীৰ্ষক কথাছবিখন আনুষ্ঠানিকভাৱে শুভমুক্তি প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।
ৰাজ্যখনৰ গাঁও সমূহতকৈ চহৰ সমূহ বেছি অপৰিষ্কাৰ বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি চহৰত বাস কৰা প্ৰতিগৰাকী নাগৰিককে ‘উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ’ মানসিকতাৰে স্বচ্ছতাৰ দিশত দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হোৱাৰ বাবেও আহ্বান জনায়।
লগতে সৰ্বানন্দই ‘অজানিতে মনে মনে’ ছবিখন গাঁৱে-ভূঞে, চহৰে-নগৰে সজগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে বুলি কয়।
মুখ্য মন্ত্ৰী গৰাকীয়ে এই চলচ্চিত্ৰখনত অভিনয় কৰা বা ইয়াৰ লগত জড়িত কলা-কুশলীসকলক এই ক্ষেত্ৰত এক সংস্কাৰৰ যাত্ৰা কৰাৰ উদ্যোগ লোৱাৰ বাবে আহ্বান জনায়।
অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, ‘অজানিতে মনে মনে’ ছবিখনৰ পৰিচালক উপকূল বৰদলৈ, ছবিখনত অভিনয় কৰা অভিনেত্ৰী সুনিতা কৌশিকেও ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক সত্যব্ৰত কলিতা, স্বচ্ছ ভাৰত মিছনৰ অভিযনা সঞ্চালক ড০ সিদ্ধাৰ্থ সিং প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি তথা চলচ্চিত্ৰ জগতৰ অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল।