স্বৰ্ণকন্যা হিমা দাসলৈ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ১ লাখ টকাৰ পুৰস্কাৰ

Hima-Das_facebook-570x320

হিমা দাস। ফটোৰ উৎস : ফেচবুক।

ফিনলেণ্ডত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্বৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা, দৌৰবিদ হিমা দাসক ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে আৰ্থিক পুৰস্কাৰ আগবঢ়োৱা হয়।

গুৱাহাটীৰ বেতকুচিস্থিত বিশ্ববিদ্যালয়খনৰ কালি অৰ্থাৎ বুধবাৰে অনুষ্ঠিত দ্বিতীয় বৰ্ষৰ আৰম্ভণি অনুষ্ঠানত দৌৰবিদ গৰীকলৈ উক্ত পুৰস্কাৰ আগবঢ়োৱা হয়। অৱশ্যে অনুষ্ঠানত হিমা উপস্থিত নথকাত তেওঁৰ হৈ পিতৃ-মাতৃক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিপুলভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ হাতত ১ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

সম্বৰ্দ্ধনা গ্ৰহণ কৰি হিমাৰ পিতৃ ৰঞ্জিৎ দাসে বিশ্ববিদ্যালয়খনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে হিমাৰ খেলপথাৰৰ যাত্ৰাৰ কাহিনী অনুষ্ঠানত উপস্থিত লোকসলকৰ সন্মুখত দাঙি ধৰে।

কালিৰ উক্ত অনুষ্ঠানত আই এ এছ এছ টিৰ সঞ্চালক ডঃ এন চি তালুকদাৰে মুখ্য অতিথি আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ মুখ্য সচিব মনিন্দৰ সিঙে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ এছ পি সিঙেও বক্তব্য আগবঢ়ায়।