NORTHEAST NOW (Assamese)

সৰভোগত পুনৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মাক-পুতেক

June 30, 2018 10:33 pm · এন ই নাও নিউজ
Updated: June 30, 2018 10:34 pm

সৰভোগত কালি এক পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যু হোৱা ঘটনাৰ পিছতে আজি পুনৰ সৰভোগত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়।

উল্লেখযোগ্য যে আজি পুৱা প্ৰায় ৭-৩০ বজাত সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্দৰখোৱাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত মাক-পুতেক থিতাতে নিহত হয়।

জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ পৰা গুৱাহাটী লৈ গৈ থকা অৱস্থাত WB-74U-0167 নম্বৰৰ মাৰুতি চুজুকিখনে নিয়ন্ত্ৰণ হেৰুৱাই পথটোত থকা এটা কালভাৰ্টৰ গাৰ্ড ৱালত প্ৰচণ্ড জোৰে খুন্দিয়ায়। ফলত গাড়ীখনত থকা মাক-পুতেক দুয়োগৰাকী থিতাতে নিহত হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মাক-পুতেকক সন্ধ্যা দে’ আৰু শংকৰ দে’ বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাটোত আনকেইজন আৰোহী সঞ্জয় দে আৰু বিশ্বজিৎ ঘোষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতদ্বয়ক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনাত পতিত লোককেইজনৰ কোকৰাঝাৰৰ নিৱাসী।

Related News