• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱালে ‘জয় আই অসম’ পাহৰি ‘ভাৰত মাতা কি জয়’ ধ্বনিহে দিয়ে : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 6:58 am
24-06-18 Makum- Akhil Gogoi- KMSS Mass Protest (6)

মাকুমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অনুষ্ঠিত গণ সমাৱেশত ভাষণ দিছে কৃষক নেতা অখিল গগৈয়ে। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জাতীয়তাবাদী ছাত্ৰ নেতা সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ পিছত জয় আই অসম শ্ল’গান দিবলৈ পাহৰিলে কিয়। সৰ্বানন্দ সোণোৱালে আজিকালি সভাই সমিতিয়ে ভাৰত মাতা কি জয় ধ্বনিহে কিয় দিয়ে।‘ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে। দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত অনুষ্ঠিত এখন গণ সমাৱেশত অখিল গগৈয়ে এই মন্তৱ্য কৰে।

যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ পিছত জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে দেওবাৰে তিনিচুকীয়া জিলাৰ মাকুমত এখন গণ সমাবেশ অনুষ্ঠিত কৰে। নগাৰিকত্ব সংশোধনী বিধেয়ক, হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে আয়োজন কৰা গণ সমাৱেশত কেইবাহাজাৰ লোক সমবেত হয়।

Apply Now

অসমৰ ২২টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সমাবেশ অনুষ্ঠিত  হয়। মাকুম আঞ্চলিক মৰাণ সভাৰ সভাপতি কুসুম্বৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গণ সমাবেশখনত জাতি-জনগোষ্ঠীসমূহৰ হাজাৰ হাজাৰ লোক উপস্থিত থাকে।

24-06-18 Makum- Akhil Gogoi- KMSS Mass Protest (1)
মাকুমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ মূহূৰ্ত। ফটো : ইউ বি

জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে মাকুম চহৰ উত্তাল কৰি তোলে। কেইবা সহস্ৰাধিক লোকে জয় আই অসম, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ আদি ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তোলে।

গণ সমাৱেশত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে কয় যে অসমৰ ৰাইজে কোনো কালে যে এই বিধেয়ক গৃহীত হ’ব নিদিয়ে তাকেই আজি প্ৰমাণ কৰিলে।  সৰ্বানন্দ সোণোৱালৰ মুখত সোপা দিছে কোনে? গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে সংগ্ৰামত জৰিত থকা আছুৰ প্ৰাক্তন সভাপতিজনে বিজেপি দললৈ গৈ এতিয়া বিদেশীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা হ’ল কিয়? তেওঁ থকা দলটোৰে নেতা হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হিন্দু বাংলাদেশীৰ হৈ কিয় ওকালতি কৰে? এইদৰে বিজেপি, আৰ এছ এছে অসমীয়া জাতীয়তাবাদক নিঃশেষ কৰিবলৈ চক্ৰান্ত কৰিছে। অসমীয়া জাতিৰ ওপৰত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ জাপি দিব খুজিছে।

হিন্দু ৰাষ্ট্ৰ গঠনৰ দুঃস্বপ্ন দেখি অসমলৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আমদানি কৰিব খুজিছে। অসমৰ থলুৱা জনগোষ্ঠীসমূহে ভোট নিদিয়াকৈ কেৱল হিন্দু বাংলাদেশীৰ ভোটেৰে নিৰ্বাচিত হোৱাৰ পৰিকল্পনাৰে স্থায়ী ভোটবেংক স্থাপনৰ চক্ৰান্তত লিপ্ত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খুজিছে। দিল্লী বিৰোধী অসমীয়া জাতীয়তাবাদক দুৰ্বল কৰাৰ চক্ৰান্তত লিপ্ত হৈছে চৰকাৰ। আটাইতকৈ ডাঙৰ কথা বিজপিত যোগদান কৰি অনেক অসমীয়া জাতীয়তাবাদীয়ে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে,’-এইদৰে মাকুমত সৰৱ হৈ পৰে অখিল গগৈ।

কৃষক নেতাগৰাকীয়ে লগতে কয় যে সৰ্বানন্দ সোণোৱালে জাতিৰ স্বাৰ্থ যেনেকৈ ত্যাগ কৰিছে, তাতোকৈ নিৰ্লজ্জ ভাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে দিল্লী আৰু নাগপুৰৰ দালালিত নামিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ চিৰদিনৰ কাৰণে লুপ্ত হ’ব। বিধেয়কখন গৃহীত হ’লে অসমীয়া জাতিয়ে মাটি বা সংস্থাপনৰ অধিকাৰটো হেৰুৱাবই, আটাইতকৈ ডাঙৰ কথা অসমীয়া ভাষা অস্তিত্বৰ সংকটত ভুগিব।

সমাৱেশত অংশগ্ৰহণ কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰানে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাবই লাগিব বুলি দাবী কৰে। তেওঁ কয় যে বিজেপি চৰকাৰ বিশ্বাসঘাতকৰ চৰকাৰ, এই চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিলে।

আনহাতে, চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা বিজয় তাঁতী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, জাতীয় মহিলা পৰিষদৰ সভানেত্রী মায়াৰাণী গগৈ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলা সম্পাদক পৰাগ কুমাৰ বৰা আদি নেতাই সমাৱেশত ভাষণ দি নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে সকলোকে ঐক্যৱদ্ধভাৱে সংগ্ৰামত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd