‘ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰাৰ কথা নকওঁ কিন্তু মই আশাবাদী। বৰ্বৰহঁতৰ হাতত নাৰকীয়ধৰণে নিলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ বলি হোৱাৰ পাছতো যদি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, তেন্তে মই ভাৱো ন্যায়ৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যাব।‘
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হ’প ফৰ হিউমেনিটীৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত উপস্থিত থাকি অতি কৰুণভাৱে এই মন্তৱ্য কৰে নিলোৎপলৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্ৰ দাসে।
নিলোৎপল আৰু অভিজিতৰ মৃত্যুৰ পাছত জনতাৰ মাজত সৃষ্টি হোৱা জাগৰণ আজি পৰ্য্যন্ত মাৰ যোৱা নাই বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, ‘এই জাগৰণৰ জৰিয়তে কেৱল অসমতেই নহয়, গোটেই ভাৰতত আনকি পৃথিৱীৰ কোণে কোণে এটা বাৰ্তা যাব। সেই বাৰ্তাটো হ’ল যদি দোষীয়ে উচিত শাস্তি পায় তেন্তে পৃথিৱীৰ চুকে-কোণে যদি এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে ইয়াৰ এক উদাহৰণ তেওঁলোকেও ল’ব পাৰিব।‘
আনহাতে অপ-প্ৰচাৰ আৰু অন্ধবিশ্বাসক অসমৰ এক জলন্ত সমস্যা বুলি মন্তৱ্য কৰি তেওঁ লগতে কয়, ‘এই সমস্যাৰ বিৰুদ্ধে সমাজত এক জাগৰণ সৃষ্টি হৈছে। যেতিয়ালৈকে ৰাইজে এক উচিত সিদ্ধান্ত নাপায়, তেতিয়ালৈকে এই জনজাগৰণ চলি থাকিব।‘
তদুপৰি ভাৰতীয় আইন ব্যৱস্থাৰ সাল-সলনি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে অকলে একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব বুলি কৈ তেওঁ লগতে কয়, ‘তেওঁৰ চৰকাৰী শাসন যন্ত্ৰ আছে, ৰাজ্যৰ চৰকাৰী প্ৰতিনিধি আৰু ৰাইজৰ প্ৰতিনিধি তথা বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি একত্ৰিত হৈ ভাৰত চৰকাৰে যদি ভাৰতীয় আইন বিধিত নতুনকৈ আইন প্ৰৱৰ্তন নকৰে তেতিয়াহ’লে উন্মত্ত জনতাই মানুহ মাৰিয়েই থাকিব, অন্ধবিশ্বাসৰ সুবিধা লৈ বিভিন্ন ধৰণৰ নাৰকীয় ঘটনা ঘটায়েই থাকিব।‘
তেওঁ লগতে কয়, ‘আজি ভাৰতক উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰথমত ৰাখিবলৈ যদি সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ নহয় তথা সমাজ ব্যৱস্থা উন্নত নহয়, তেন্তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ নীতিৰ জৰিয়তে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাৰো কোনো সফলতা নাহিব।‘