হাউলীত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহত পত্নীক আটক

বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰত আজি দিনৰ ১১ বজাত হাউলী জয়পুৰ সংযোগী পকী দলঙৰ দক্ষিণ ফালে থকা দ’খাৱৈত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে জয়পুৰ গাঁৱৰ নায়েব আলীৰ পুত্ৰ আজাহাৰ আলী (২৮) যোৱা পাঁচ জুনতে পুৱা চাৰি বজাত মাছ মাৰিবলৈ নিজ ঘৰৰ পৰা ওলায় যায়। আৰু তেতিয়াৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছিল।

আনহাতে আজি স্থানীয় কিছু লোকে উক্ত দ’খাৱৈটোত যুৱকজনৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি লগে লগে হাউলী আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিতাললৈ প্ৰেৰণ কৰে।

ইফালে একাংশ স্থানীয় ৰাইজে আজাহাৰ আলীৰ পত্নী আফ্ৰুজা খাতুনে (২৭) অন্য পৰপুৰুষৰ দ্বাৰা মিলি ডিঙি চেপি হত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত হাউলী আৰক্ষীয়ে আজাহাৰ আলীৰ পত্নী আফ্ৰুজা খাতুনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

আনহাতে ঘটনা সন্দৰ্ভত আজাহাৰ আলীৰ ভাতৃ ছাদেক আলীয়ে এখন এজাহাৰ দাখিল কৰিছে । লগতে এই ঘটনা সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত কৰিবলৈ বৰপেটা জিলা আমছুৰ লগতে স্থানীয় ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।