জুডিমা উৎসৱে ডিমা হাচাও পৰ্যটনক বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰিব। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লচা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই উৎসৱত সন্মানীয় অতিথি হিচাপে জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, পাৰ্বত্য পৰিষদৰ অধক্ষ্য ৰানু লাংঠাছা, পৰ্যটন বিভাগৰ ই এম কুলেন্দ্ৰ দাওলাগুপু আৰু ফ্লেমিং ৰূপচি চাইলা উস্থিত থাকে। উৎসৱস্থলীত পাৰ্বত্য পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লচাই কয়, ‘পৰ্যটনৰ সামগ্ৰিক আন্তঃগাঁথনি বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। পানীমূৰৰ কাৰণে ১৭ কোটি টকাৰ এক অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে। অসম চৰকাৰে পাহাৰীয়া জিলাখনৰ পৰ্যটন বিকাশক বিশেষ গুৰুত্ব দিয়াৰ বাবে প্ৰিয়ংকা চোপ্ৰাৰ অভিনীত পৰ্যটন বিজ্ঞাপন ডিমাহাচাও জিলাক স্থান দিয়া হৈছে।’





