হাফলঙত দুদিনীয়া জুডিমা ফেষ্টিভেলৰ শুভাৰম্ভ

ডিমাহাচাও পৰ্যটনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্যে সন্মুখত লৈ আয়োজিত  জুডিমা ফেষ্টিভেল হাফলঙৰ দিবাৰায় গাঁৱত দুদিনীয়াকৈ আৰম্ভ হৈছে। দিবাৰায় হাইস্কুলৰ খেলপথাৰত আয়োজিত এই তৃতীয় জুডিমা ফেষ্টিভেলক লৈ ডিমা হাচাওত ব্যাপক বিতৰ্ক চলি থকাৰ মাজতে উৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি হৈ পৰিছে দিবাৰায় গাঁও। দোশা-বিদেশী পৰ্যটকে ভিৰ কৰা উৎসৱস্থলীত থলুৱা খাদ্য সম্ভাৰৰ লগতে পৰম্পৰাগত সাজ-পোচাকৰ বিপণিও ৰখা হৈছে। উৎসৱত ভাগ লৈ পৰ্যটন বিভাগৰ ই এম কুলেন্দ্ৰ দাওলাগুপুৱে কয় যে, ‘ডিমাহাচাও পৰ্যটনৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দিছে।
জুডিমা উৎসৱে ডিমা হাচাও পৰ্যটনক বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰিব। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেৱলাল গাৰ্লচা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই উৎসৱত সন্মানীয় অতিথি হিচাপে জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, পাৰ্বত্য পৰিষদৰ অধক্ষ্য ৰানু লাংঠাছা, পৰ্যটন বিভাগৰ ই এম কুলেন্দ্ৰ দাওলাগুপু আৰু ফ্লেমিং ৰূপচি চাইলা উস্থিত থাকে। উৎসৱস্থলীত পাৰ্বত্য পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লচাই কয়, ‘পৰ্যটনৰ সামগ্ৰিক আন্তঃগাঁথনি বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। পানীমূৰৰ কাৰণে ১৭ কোটি টকাৰ এক অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে। অসম চৰকাৰে পাহাৰীয়া জিলাখনৰ পৰ্যটন বিকাশক বিশেষ গুৰুত্ব দিয়াৰ বাবে প্ৰিয়ংকা চোপ্ৰাৰ অভিনীত পৰ্যটন বিজ্ঞাপন ডিমাহাচাও জিলাক স্থান দিয়া হৈছে।’
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বাদেও পাৰ্বত্য পৰিষদেও নতুন নতুন আঁচনি লৈ জিলাখনৰ পৰ্য্যটনক আগ বঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।
জুডিমা ফেষ্টিভ্যাল, ফ্যালকন ফেষ্টিভ্যালৰ নিচিনা উৎসৱবোৰেও পাৰ্বত্য জিলাখনৰ পৰ্যটনক আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰি আহিছে।