মঙ্গলবাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিমা হাচাও জিলাৰ হাফলংত কেন্দ্ৰীয় চৰকাৰৰ চাৰি বছৰীয়া আৰু ৰাজ্য চৰকাৰৰ দুই বছৰীয়া কাৰ্যকালৰ উন্নয়নমূলক কামকাজৰ সামগ্ৰিক খতিয়ান এক সংবাদ মেলৰ যোগেদি তুলি ধৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষে।
হাফলংৰ হোটেল ল্যাণ্ডমাৰ্কত সংবাদ মেলত ডিমা হাচাও বিজেপিৰ সভাপতি নিপ’লাল হোজাইৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাও উপস্থিত থাকে।
ৰামকৃষ্ণ ঘোষে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নতুন নতুন আঁচনি ক্ৰমে স্বচ্ছ ভাৰত অভিযান, অটল পেনচন, জনধন যোজনা, প্ৰধানমন্ত্ৰী উজালা যোজনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্কিল ডেভেলপমেন্টৰ লগতে দুখীয়া ৰাইজৰ কাৰণে চৰকাৰৰ নতুন নতুন আঁচনিৰ কথাও উল্লেখ কৰি কয় যে চৰকাৰ চবকা সাথ চবকা বিকাশৰ লক্ষ্য আগত ৰাখি কাম কৰিছে।
জি এচ টিৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে সত্তৰবিধ টেক্স দিব লগা হৈছিল। এতিয়া এবিধ টেক্স দিব লাগে। আনহাতে উদ্যোগীকৰণত বৰ্তমান চৰকাৰে অধিক গুৰুত্ব দিছে।
কিন্তু ডিমা হাচাও জিলাৰ জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দত পৰিণত হোৱা আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নোলোৱা সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ ঘোষে কয় যে অৱশ্যেই চৰকাৰে ব্যৱস্থা ল’ব।
লগতে ছোটওয়াপুত থকা পলিটেকনিক ভৱন নিৰ্মাণৰ ক্ষেত্ৰটো চৰকাৰে পদক্ষেপ ল’ব বুলি কয় ৰামকৃষ্ণ ঘোষে। আনহাতে কংগ্ৰেছ চৰকাৰৰ দিনৰ হাতত লোৱা আঁচনিৰ ৰূপায়নটো বিজেপি চৰকাৰে গুৰুত্ব দিব বুলি আশ্বাস প্ৰদান কৰে ঘোষে।
তেওঁ কয় যে কংগ্ৰেছ দলে যোৱা পোন্ধৰ বছৰে উন্নয়নৰ হকে কোনো কাম কৰা নাই।
চিইএম দেবলাল গাৰ্লচাই হাফলং পলিটেকনিক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাম নোহোৱাৰ কাৰণে আগৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি কয় যে যি ঠিকাদাৰে কামৰ দায়িত্ব লাভ কৰিছিল সেই ঠিকাদাৰে অলপ কাম কৰি গুচি যায়। এতিয়া নতুন কৰি ডিপিআৰ প্ৰস্তুত কৰি নতুনকৈ নিবিদা আহ্বান কৰাৰ কাম অগ্ৰসৰ হৈছে।