NORTHEAST NOW (Assamese)

হিন্দীভাষী বিকাশ পৰিষদৰ অধ্যক্ষ পৰশুৰাম ডুবেৰ মৃত্যুত শোক মুখ্য মন্ত্ৰী সোণোৱালৰ

June 30, 2018 8:36 pm · এন ই নাও নিউজ

ধুবুৰীৰ বিশিষ্ট সমাজকৰ্মী, হিন্দীভাষী বিকাশ পৰিষদৰ অধ্যক্ষ তথা অখিল আসাম ভোজপুৰী পৰিষদৰ উপদেষ্টা পৰশুৰাম ডুবেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোকালে।

‘ডুবেই হিন্দীভাষী বিকাশ পৰিষদৰ অধ্যক্ষ আৰু অখিল আসাম ভোজপুৰী পৰিষদৰ উপদেষ্টা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি যথেষ্ট সেৱা আগবঢ়াই গৈছে’ বুলি মত প্ৰকাশ কৰি মুখ্য মন্ত্ৰীৰ দাবী ‘বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষা-ভাষী লোকেৰে সমৃদ্ধ বৃ্হত্তৰ সমাজখনৰ সমন্বয় আৰু একতাৰ বান্ধোন অটুট ৰখাৰ ক্ষেত্ৰটো প্ৰয়াত ডুবেই যথেষ্ট অৰিহণা আগবঢ়াই গৈছে।’

প্ৰয়াত ডুবে ধুবুৰী-গৌৰীপুৰ ডেভেলপমেণ্ট অথৰিটীৰো প্ৰাক্তন অধ্যক্ষ আছিল পৰশুৰাম দুবে।

আজি ৩০ জুনৰ সন্ধিয়া প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰা পৰশুৰাম দুবেৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৫ বছৰ।

Related News