বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক বিৰোধিতাত অসম উত্তাল হৈ থকাৰ পৰতে উগ্ৰ হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই বিদেশৰ পৰা আহিব লগা হিন্দুসকলৰ বাবে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত থকা, খোৱা আৰু কৰ্মসংস্থানৰ নিশ্চিতি আগবঢ়াইছে।
‘বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দুক সংস্থাপিত কৰিবলৈ আমাৰ সংগঠনে সমিতি গঠন কৰিব আৰু তেওঁলোকৰ বাবে থকা, খোৱা আৰু ৰোজগাৰৰ ব্যৱস্থা কৰিব,’ গুৱাহাটীত আজি ১৮ জুলাইত সংবাদমেলত এই ঘোষণা কৰে উগ্ৰ হিন্দুত্ববাদী নেতাজনে।
বিশ্ব হিন্দু পৰিষদৰ এসময়ৰ সৰ্বেসৰ্বা নেতাজনে লগতে মত প্ৰকাশ কৰে যে হিন্দু বাংলাদেশীৰ বোজা অকল অসমে নহয়, সমগ্ৰ দেশে লোৱা উচিত আৰু এই ক্ষেত্ৰত তেওঁৰ সংগঠন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে পদক্ষেপ গ্ৰহণ কৰিব।
‘বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু লোকসকলৰ দায়িত্ব সমগ্ৰ ভাৰতৰ। যদি বাংলাদেশৰ পৰা হিন্দু আহিছে সেই দায়িত্ব এখন ৰাজ্যৰ নহয়, ইয়াৰ দায়িত্ব ভাৰতে লব লাগিব। মই ভাৰত চৰকাৰক অনুৰোধ জনাও আপোনালোকে আন দেশৰ পৰা অহা হিন্দুক ভাৰতত ৰাখক। এই ক্ষেত্ৰত গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আদি বিভিন্ন ৰাজ্যত আমাৰ সংগঠনে সহযোগ আগবঢ়াব,’ প্ৰবীনভাইৰ আশ্বাস।
আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত অসমত ৫০ লাখ মুছলমান বাংলাদেশী চিনাক্ত হ’ব বুলি কেন্দ্ৰীয় গৃহ বিভাগৰ তথ্য থকা বুলি দাবী কৰি টোগাড়িয়াই এই মুছলমান বাংলাদেশীসকলক বহিষ্কাৰ কৰিবলৈ ১০ লাখ ভাৰতীয় সেনা নিয়োগ কৰিবলৈ দাবী জনায়।
‘যদি তেওঁলোকক বাংলাদেশে গ্ৰহণ নকৰে তেতিয়া ভাৰতৰ সেনাই বাংলাদেশৰ এটা অংশ দখল কৰি লৈ বাংলাদেশীসকলক তাত ৰখাৰ ব্যৱস্থা কৰক,’ ভাৰত চৰকাৰক পৰামৰ্শ প্ৰবীনভাই টোগাড়িয়াৰ।
ভাৰতত থকা বাংলাদেশী মুছলমানসকলক ৱৰ্ক পাৰ্মিট দিলে দেশজুৰি আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে টোগাড়িয়াই। ‘যদি ভাৰত চৰকাৰে তেওঁলোকক ৱৰ্ক পাৰ্মিট দিয়ে আমি সমগ্ৰ দেশজুৰি বৃহৎ আন্দোলন গঢ়ি তুলিম,’ টোগাড়ইয়াৰ সকীয়নি।
গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ৰাজহুৱা সভাত ভাষণ দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত গুৱাহাটীত আহি উপস্থিত হোৱা টোগাড়িয়াই সংবাদমেলখনত ৰাজ্যত চলি থকা এন আৰ চি আৰু বিজেপি চৰকাৰ সন্দৰ্ভটো কিছু মন্তব্য কৰে।
টোগাড়িয়াৰ এই মন্তব্যৰ পিছত নাগৰিকত্ব বিধেয়কৰ সৰ্বাত্মক বিৰোধিতা কৰি অহা অসমৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ’ব।