NORTHEAST NOW (Assamese)

হিমন্তৰ কথা গোকাট মিছা, শংকৰদেৱ হিন্দুত্ববাদৰ বিৰুদ্ধে আছিল : তৰুণ গগৈ

May 31, 2018 10:00 pm · কল্পজ্যোতি শইকীয়া

হিমন্ত বিশ্ব শৰ্মা ( Himanta Biswa Sarma )ই শংকৰদেৱ-মাধবদেৱৰ মহানুভৱতাক সম্পূৰ্ণৰূপে বিকৃত কৰিব বিচাৰিছে বুলি আজি ৩১ মে’ত মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

৩০ মে’ত নাৰায়ণপুৰৰ এক সভাত শংকৰদেৱে অসমলৈ হিন্দুত্ববাদ অনা বুলি কৰা মন্তব্যৰ পিছত তেওঁক উভটি ধৰি গগৈয়ে কয় ‘বিজেপিয়ে শংকৰদেৱৰ আদৰ্শ ধ্বংস কৰি হিন্দুত্ববাদ প্ৰচাৰ কৰি সকলোৰে মাজত কাজিয়া লগাই ক্ষমতা দখল কৰিবলৈ আহিছে।’

তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মাই কি কয়, তেওঁ নিজে গম পাইনে নাই তাতো সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মাই সময় চাই চাই কথা কয়।’

গগৈয়ে লগতে কয় যে এতিয়া তেওঁ আৰ এছ এছৰ ওচৰ চাপি মুখ্য মন্ত্ৰী হ’বলৈ শংকৰদেৱ-মাধবদেৱে হিন্দুত্ব অনাৰ কথা কৈ আৰ এছ এছৰ প্ৰিয়পাত্ৰ হ’ব বিচাৰিছে।

মুখ্য মন্ত্ৰী হোৱাৰ সপোনতে হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গৈছে বুলি দাবী কৰি গগৈয়ে কয় যে যিজন মানুহে কংগ্ৰেছত থাকোঁতে কৈছিল গুজৰাটৰ পাইপত মুছলমানৰ তেজ বয়, কিন্তু তেওঁ আজি মোদীৰ প্ৰশংসাত পঞ্চমুখ।

তেতিয়া তেওঁ ‘আমাৰ নেতৃবৰ্গৰ প্ৰশংসাত পঞ্চমুখ আছিল, এতিয়া আমাকে গালি পাৰে, দুটা কেছ দিছে, জে’ললৈ পঠাব বিচাৰি আছে’ বুলিও গগৈয়ে মন্তব্য কৰে।

Related News