হোজাইৰ ডবকাত পথ দুৰ্ঘটনাত মৃত্যু যুৱকৰ

ঈদ-উল-ফিতৰৰ দিনাই আবেলি ৩ মান বজাত হোজাইৰ দবকাত এক পথ দুৰ্ঘটনাত ফজলট আলম নামৰ এগৰাকী ২২ বছৰীয়া যুৱকে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে আকাশীগংগা তপতজুৰিৰ বাসিন্দা আলমে ঈদ খাবলৈ বুলি বাইকেৰে হালদিআতিৰ ফালে গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা এ এচ ০১বিচি ৭২৩৯ নম্বৰৰ ট্ৰাক এখনত মুখামুখিকৈ খুন্দা মৰাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে ট্ৰাকখনে আলমক দুই মিনিট সময় ধৰি চোঁচৰাই নিয়ে। ডবকাৰ শালভাঙাত ডবকা আৰু হালদিআটি আৰক্ষী থানাৰ মাজত ঘটনাটো ঘটে।

আৰক্ষীয়ে ট্ৰাকখন আৰু মৃতদেহটো নিজৰ জিম্মাত লয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনাটোৱে তপতজুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে।