হোজাই জিলাত ভাৰতত তৈয়াৰী দেশী আৰু বিদেশী সুৰাৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ লক্ষ্যৰে জিলাখনৰ এটা দায়িত্বশীল আৰক্ষীৰ দলে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।
উপ-আৰক্ষী অধীক্ষক বিনিতা নাথৰ নেতৃত্বত ডবকা আৰক্ষীৰ এটি দলে সোমবাৰে নিশা হোজাই জিলাৰ মাদেৰতুলি অঞ্চলত থকা বিভিন্ন সুৰাৰ বিপণীত তালাচী চলায়।
অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে সুৰাৰ বিপণীসমূহত অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অবৈধ দেশী আৰু বিদেশী সুৰা জব্দ কৰাৰ লগতে তিনিজন লোককো আটক কৰে।
আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰাখিনি নিজৰ জিম্মাত লয়। আৰু গোটেই বিষয়টোকলৈ তদন্ত অব্যাহত আছে বুলিও জনায়।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰক্ষীৰ দলটোৱে জিলাখনত বিদেশী সুৰা, দেশীয় সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সফলতাৰে অভিযান চলাই কেইবাটাও ঘাটি উৎখাত কৰাৰ লগতে জিলাখনত এনে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীক নাকী লগাবলৈ সক্ষম হৈছে।