১০ ঘণ্টীয়া ৰেইলপথ অৱৰোধ কাৰ্যসূচীত অসমৰ লগত বহিঃ ৰাজ্যৰ যোগাযোগ স্তব্ধ

Railway-blockade-in-Kokrajhar-266x200

বিভিন্ন দাবীৰে আদিবাসী নেশ্যনেল কনভেনশ্যন কমিতিয়ে (এ এন চি চি) বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত ৰেইলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। আদিবাসী সংগঠনটোৱে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত কালিৰ দিনটোত ৰূপায়ন কৰা ১০ ঘণ্টীয়া ৰেইলপথ অৱৰোধ কাৰ্যসূচীত অসমৰ লগত বহিঃ ৰাজ্যৰ সম্পৰ্ক কিছু পৰিমানে স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়।

এই ৰেইলপথ অৱৰোধ কাৰ্যসূচী ৰাজ্যৰ আদিবাসী অধ্যুষিত বিভিন্ন অঞ্চলত ৰূপায়ন কৰা দেখা যায়। অসমৰ অন্য প্ৰান্তৰ লগতে বিটিএডিটো শ শ আদিবাসী লোক হাতে হাতে পোষ্টাৰ বেনাৰ আদি লৈ কোকৰাঝাৰ ৰেইলৱে ষ্টেচনৰ লাইন অৱৰোধ কৰে।

আদিবাসী সমুদায়ৰ প্ৰতিবাদকাৰীসকলে অনুসূচিত জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত বিভিন্ন শ্লোগানৰে ৰেইল লাইন উত্তপ্ত কৰি ৰাখে। ইয়াৰ উপৰি অসমৰ চাহ বাগিচা সমূহত কাম কৰি থকা শ্ৰমিকসকলৰ মজুৰী অতি শীঘ্ৰে বঢ়াই দিবলৈও দাবী জনায়।

আদিবাসী সমুদায়ৰ প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা কোকৰাঝাৰ ৰেইল’ৱে ষ্টেচনৰ লাইনসমূহ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আদিবাসী সমুদায়ৰ বাবে অনুসূচিত জনজাতি মৰ্যাদা প্ৰদানৰ দাবীৰ উপৰি, এ এন চি চি আৰু বিভিন্ন আদিবাসী দল-সংগঠনে চৰকাৰৰ ওচৰত অনুৰোধ জনায় কয় যে যুদ্ধবিৰতিত থকা আদিবাসী বিদ্ৰোহী সমগঠনৰ লগত শান্তি আলোচনা শীঘ্ৰে সম্পন্ন কৰক।

ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে গৃহহীন আদিবাসী পৰিয়াল তথা ভূমিহীন লোকসকলৰ বাবে অতি শীঘ্ৰে ভূমি আৱণ্টন আৰু ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।