• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ গৰাকী বিশিষ্ট মহিলাক প্ৰাগ প্ৰেৰণা বটাঁ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 9:40 am
DSC_3051
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰয়েল গ্লৱেল বিশ্ববিদ্যালয় চৌহদত আয়োজিত এক অনষ্ঠানত প্ৰাগ নিউজে তৃতীয় বৰ্ষৰ বাবে আগবঢ়োৱা প্ৰাগ প্ৰেৰণা সন্মান প্ৰদান কৰে।

ৰাজ্যখনত সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ১১ গৰাকী বিশিষ্ট মহিলাক মুখ্যমন্ত্ৰীয়ে এই সন্মান প্ৰদান কৰে।

Apply Now

এই সন্মান লাভ কৰা বিশিষ্ট মহিলা সকল হ’ল ৰাজনীতিৰ ক্ষেত্ৰত বিজয়া চক্ৰৱৰ্তী, চিকিৎসা বিজ্ঞানত ডাঃ অজয়া মহন্ত, অভিনয় তথা সংস্কৃতিক ক্ষেত্ৰত ৰুণু দেৱী, সাংবাদিকতাত সবিতা গোস্বামী, সাহিত্যত ৰঞ্জিতা বিশ্বাস, লোক সংগীত তথা  সংস্কৃতিত ধনদা পাঠক, সমাজ সেৱাত সুমিত্ৰা হাজৰিকা, কথাছবি তথা সংস্কৃতিত ডাঃ সান্তনা বৰদলৈ, সাংবাদিকতাত লিলি দাস মালিক, পৰিৱেশ সংৰক্ষণত পূৰ্ণিমা দেবী বৰ্মন আৰু ক্ৰীড়াত মনালিছা বৰুৱা মহন্ত।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এখন সমাজ শক্তিশালীভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত মহিলা সকলৰ বিশেষ ভূমিকা আছে। মহিলা সকলে এখন বিকাশশীল ৰাজ্য তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুমুখী ভূমিকা পালন কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কন্যা শিশুক উপযুক্ত শিক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ জৰিয়তে মহিলাসকলক আগুৱাই নিয়াৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে ‘বেটি বাচাও বেটি পঢ়াও’ৰ লেখীয়া পদক্ষেপ সমূহৰ জৰিয়তে শিশু কন্যাৰ সামাজিক নিৰাপত্তা, সমাজ জীৱনত সম অধিকাৰ আৰু কন্যা শিশুৰ মাজত নিহিত হৈ থকা প্ৰতিভা সমূহ বিকশাই তুলিব বিচাৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে সমাজৰ পৰা লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে সামাজিক জনসচেতনা সৃষ্টি কৰিব লাগিব। বিকাশৰ ক্ষেত্ৰত মহিলা সকলে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।  ইয়াৰ সুফল লাভ কৰাৰ বাবে মহিলা সকলক আগবাঢ়ি আহিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মহিলাসকলৰ নিৰাপত্তা, সৱলীকৰণ আৰু উন্নয়নৰ প্ৰক্ৰিয়াটোত সম অংশগ্ৰহণেৰে দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰটো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজিৰ প্ৰতিযোগিতামুখী বাতাবৰণত আমাৰ মহিলাসকলে যোগ্যতা আহৰণৰ বাবে প্ৰয়াস চলাব লাগিব। আমাৰ যুৱপ্ৰজন্মক আগুৱাই নিয়াৰ বাবে চৰকাৰে দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেইবাবে আমাৰ মহিলা সকলে নিজস্ব দক্ষতা প্ৰকাশৰ বাবে কঠোৰ শ্ৰম কৰিব লাগিব।

ৰাজ্যখনৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰে মুকলি কৰা দক্ষতা উন্নয়ন কেন্দ্ৰ সমূহত আমাৰ উঠি অহা যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰকাশৰ বাবে প্ৰয়াস চলাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শনিবাৰে এই অনুষ্ঠানত জনপ্ৰিয় গায়িকা উষা উহ্থুপ, প্ৰাগ নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, এডিটৰ ইন চীফ অজিত কুমাপ ভূঞাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি  উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd