১১ গৰাকী বিশিষ্ট মহিলাক প্ৰাগ প্ৰেৰণা বটাঁ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

DSC_3051

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰয়েল গ্লৱেল বিশ্ববিদ্যালয় চৌহদত আয়োজিত এক অনষ্ঠানত প্ৰাগ নিউজে তৃতীয় বৰ্ষৰ বাবে আগবঢ়োৱা প্ৰাগ প্ৰেৰণা সন্মান প্ৰদান কৰে।

ৰাজ্যখনত সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ১১ গৰাকী বিশিষ্ট মহিলাক মুখ্যমন্ত্ৰীয়ে এই সন্মান প্ৰদান কৰে।

এই সন্মান লাভ কৰা বিশিষ্ট মহিলা সকল হ’ল ৰাজনীতিৰ ক্ষেত্ৰত বিজয়া চক্ৰৱৰ্তী, চিকিৎসা বিজ্ঞানত ডাঃ অজয়া মহন্ত, অভিনয় তথা সংস্কৃতিক ক্ষেত্ৰত ৰুণু দেৱী, সাংবাদিকতাত সবিতা গোস্বামী, সাহিত্যত ৰঞ্জিতা বিশ্বাস, লোক সংগীত তথা  সংস্কৃতিত ধনদা পাঠক, সমাজ সেৱাত সুমিত্ৰা হাজৰিকা, কথাছবি তথা সংস্কৃতিত ডাঃ সান্তনা বৰদলৈ, সাংবাদিকতাত লিলি দাস মালিক, পৰিৱেশ সংৰক্ষণত পূৰ্ণিমা দেবী বৰ্মন আৰু ক্ৰীড়াত মনালিছা বৰুৱা মহন্ত।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এখন সমাজ শক্তিশালীভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত মহিলা সকলৰ বিশেষ ভূমিকা আছে। মহিলা সকলে এখন বিকাশশীল ৰাজ্য তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুমুখী ভূমিকা পালন কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কন্যা শিশুক উপযুক্ত শিক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ জৰিয়তে মহিলাসকলক আগুৱাই নিয়াৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে ‘বেটি বাচাও বেটি পঢ়াও’ৰ লেখীয়া পদক্ষেপ সমূহৰ জৰিয়তে শিশু কন্যাৰ সামাজিক নিৰাপত্তা, সমাজ জীৱনত সম অধিকাৰ আৰু কন্যা শিশুৰ মাজত নিহিত হৈ থকা প্ৰতিভা সমূহ বিকশাই তুলিব বিচাৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে সমাজৰ পৰা লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে সামাজিক জনসচেতনা সৃষ্টি কৰিব লাগিব। বিকাশৰ ক্ষেত্ৰত মহিলা সকলে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।  ইয়াৰ সুফল লাভ কৰাৰ বাবে মহিলা সকলক আগবাঢ়ি আহিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মহিলাসকলৰ নিৰাপত্তা, সৱলীকৰণ আৰু উন্নয়নৰ প্ৰক্ৰিয়াটোত সম অংশগ্ৰহণেৰে দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰটো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজিৰ প্ৰতিযোগিতামুখী বাতাবৰণত আমাৰ মহিলাসকলে যোগ্যতা আহৰণৰ বাবে প্ৰয়াস চলাব লাগিব। আমাৰ যুৱপ্ৰজন্মক আগুৱাই নিয়াৰ বাবে চৰকাৰে দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেইবাবে আমাৰ মহিলা সকলে নিজস্ব দক্ষতা প্ৰকাশৰ বাবে কঠোৰ শ্ৰম কৰিব লাগিব।

ৰাজ্যখনৰ বিভিন্ন ঠাইত ৰাজ্য চৰকাৰে মুকলি কৰা দক্ষতা উন্নয়ন কেন্দ্ৰ সমূহত আমাৰ উঠি অহা যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰকাশৰ বাবে প্ৰয়াস চলাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শনিবাৰে এই অনুষ্ঠানত জনপ্ৰিয় গায়িকা উষা উহ্থুপ, প্ৰাগ নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, এডিটৰ ইন চীফ অজিত কুমাপ ভূঞাৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি  উপস্থিত থাকে।