NORTHEAST NOW (Assamese)

১৩ বছৰীয়া হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতি; ৰাজ্যজুৰি পালন প্ৰতিষ্ঠা দিৱস

July 20, 2018 11:29 pm · এন ই নাও নিউজ

উৎপাদনৰ উপকৰণৰ ওপৰত সমাজৰ মালিকানা প্ৰতিষ্ঠা নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্পেৰে আজি ২০ জুলাইত অসমজুৰি তেৰ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে অসমৰ অন্যতম সংগ্ৰামী সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

‘এই সময়ছোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি বহু নেতা, কৰ্মীক জে’ললৈ পঠোৱা হৈছে। কেইবাগৰাকীও সতীৰ্থই পুলিচৰ গুলীত চহিদবৰণ কৰি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনক অধিক শক্তিশালী কৰি গৈছে। কিন্তু সংগ্ৰাম স্তব্ধ হোৱা নাই, পূৰ্বতকৈ অধিক শক্তিশালীৰূপত এই সংগ্ৰামে প্ৰসাৰ লাভ কৰিছে,’ বুলি প্ৰতিষ্ঠা দিৱসত দোহাৰে সংগঠনটোৱে।

‘এতিয়াৰে পৰা আমাৰ দায়িত্ব আৰু অধিক বাঢ়িলে’ বুলি প্ৰতিষ্ঠা দিৱস উপলক্ষে সতীৰ্থসকললৈ প্ৰেৰণ কৰা এক বাৰ্তাত উল্লেখ কৰি সংগঠনটোৰ নেতা অখিল গগৈ, ৰাজু বৰা, মুকুট ডেকা, ভাস্ক’ ডি শইকীয়া আৰু ধৈয্য কোঁৱৰে কয় ‘আমাৰ সংগ্ৰামৰ প্ৰধান লক্ষ্য সকলো মানুহৰ সমমৰ্য্যাদা, সমঅধিকাৰ আৰু সমবিকাশ।’

অসমৰ বিভিন্ন জাতীয় সমস্যাৰ ক্ষেত্ৰত সৰৱ প্ৰতিবাদী ভূমিকা পালন কৰি অহা সংগঠনটোৱে নদীবান্ধ, নাগৰিকত্ব বিধেয়ক, ভূমি অধিকাৰ, অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা আদি বিভিন্ন বিষয়ত কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি চৰকাৰে লোৱা স্থিতিৰ তীব্ৰ সমালোচনা কৰে।

‘অসমৰ জাতীয় সমস্যা আৰু মুক্তিৰ পথ’ সম্পৰ্কে অসমৰ বিভিন্ন ঠাইত সংগঠনটোৰ জিলা আৰু আঞ্চলিক সমিতিসমূহে পালন কৰা প্ৰতিষ্ঠা দিৱসত  আলোচনা কৰা হয়।

২০০৫ চনৰ ২০ জুলাইত তেজপুৰত সংগঠনটোৰ প্ৰতিষ্ঠা হৈছিল।

Related News