অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই জাকিৰ চেনেল নামৰ এটা টুইটাৰ একাউণ্টৰ পৰা টুইট কৰাৰ লগতে অহা ১৫ আগষ্টত গুৱাহাটীত বোমা বিস্ফোৰণ ঘটোৱা হ’ব বুলি দিয়া ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে এই একাউণ্টটোৰ গৰাকী বুলি দাবী কৰিছে জাকিৰ হুছেইন নামৰ এজন লোকে। আৰু তেওঁ জাকিৰ চেনেল নামৰ টুইটাৰ একাউণ্টটোৰ জৰিয়তে অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই উল্লেখ কৰিছে, ‘মই গুৱাহাটী চহৰত ১৫ আগষ্ট ২০১৮ বোমা ব্লাষ্ট কৰিম। অসম আৰক্ষীৰ ক্ষমতা আছে যদি আহ।’
তাৰোপৰি যি সময়ত অসম আৰক্ষীয়ে এন আৰ চি নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত কোনো ব্যক্তিয়ে আপত্তিজনক মন্তব্য কৰিব নোৱাৰিব আৰু কৰিলে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কৈছিল। সেই সময়তে এই জাকিৰ হুছেইন নামৰ সন্ত্ৰাসসৃষ্টিকাৰী জনে নিজৰ টুইটাৰ একাউণ্টত এন আৰ চি প্ৰসংগক লৈ বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰে।
আনকি জাকিৰে তেওঁৰ টুইটাৰ একাউণ্টত অসম আৰক্ষীক বিজেপিৰ চামচা বুলি উল্লেখ কৰাৰ লগতে নানা অশ্লীল ভাষাৰে অসম আৰক্ষীক গালি গালাজ কৰে।
মন কৰিব লগীয়া যে জাকিৰ হুছেইনৰ টুইটাৰত থকা জাকিৰ চেনেল নামৰ একাউণ্টটো জুনমাহত হে খুলিছে আৰু তাত তেওঁ নিজৰ পিতৃৰ নাম, গাঁৱৰ নাম, জন্মস্থান সকলো উল্লেখ কৰিছে। অৱশ্যে একাউণ্টটো তেওঁৰ প্ৰকৃত একাউণ্ট নে ভুৱা সেয়া সন্দেহজনক।