১৮ ফেব্ৰুৱাৰিৰ পৰা নগাঁৱৰ মিছাত শিৰিষ মহোৎসৱ

sirish

চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এপিপিএল ফাউণ্ডেশ্যনে বিগত বৰ্ষসমূহৰ এইবাৰো অয়োজন কৰিছে শিৰিষ মহোৎসৱৰ।এইবাৰ অহা ১৮ ফেব্ৰুৱাৰিত নগাঁও জিলাৰ মিছাত আয়োজন কৰা হৈছে এই মহোৎসৱৰ।

এক সংবাদমেল যোগে এপিপিএল ফাউণ্ডেশ্যনে লগতে প্ৰকাশ কৰে যে এই মহোৎসৱৰ লগতে সংগতি ৰাখি সুশীল কুৰ্মী আৰু দুলাল মানকিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব।উল্লেখ্য যে চাহ জনগোষ্ঠীলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সুশীল কুৰ্মীক সাহিত্য আৰু দুলাল মানকিক সাংস্কৃতিক বঁটা আগবঢ়োৱা হ’ব। বঁটাৰ লগতে দুয়োগৰকীলৈ আগবঢ়োৱা হ’ব নগদ এক লাখকৈ টকা।

উল্লেখ্য যে অনুষ্ঠানটোত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য, খেল ধেমালী, কলা আৰু সাহিত্য-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে অসম আৰু পশ্চিমবংগৰ প্ৰায় ৯০টা দলৰ মাজৰ পৰা ৮টা দলক অনুষ্ঠানটোত পৰম্পৰাগত নৃত্য প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে আয়োজকসকলে। ইয়াৰ মাজৰ দুটা শ্ৰেষ্ঠ দলক সন্মানিত কৰা হ’ব।

স্মৰ্তব্য যে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীৰ লোকে চাহ বাগিছাত কাম কৰিবলৈ অসমলৈ আহি ৰাজ্যখনক নিজৰ বুলি আকোঁৱালি লৈছিল।অসমৰ চাহ বাগিছাত কাম কৰিবলৈ আহি ৰাজ্যখনক নিজৰ ঘৰ কৰি লোৱা জনগোষ্ঠীটোৰ সংস্কৃতি অৰ্থাৎ ‘চাহ জনগোষ্ঠীটো সংস্কৃতি’ৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে চতুৰ্থবাৰৰ বাবে আয়োজন কৰা এই শিৰিষ মহোৎসৱে এক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াব বুলি আশা কৰা হৈছে।