ভাৰতীয় সেনাৰ দ্বাৰা তেজপুৰৰ এলবাৰ্ট হলত ছুবেদাৰ যোগিন্দৰ সিঙৰ জীৱন আধাৰিত এখন চলচ্চিত্ৰ মুক্তি দিয়া হৈছে। গজৰাজ কৰ্পছৰ জেনেৰেল অফিছাৰ কমাণ্ডিং আৰু চহিদ যোগিন্দৰ সিঙৰ পৰিয়ালবৰ্গৰ উপস্থিতিত এই চলচ্চিত্ৰখনৰ শুভমুক্তি দিয়া হয়। চহিদগৰাকীৰ পৰিয়াল সুদূৰ পাঞ্জাবৰ পৰা আহি তেজপুৰত উপস্থিত হৈছেহি।
এই চলচ্চিত্ৰখন পৰমবীৰ চক্ৰ লাভ কৰা চুবেদাৰ যোগিন্দৰ সিং আৰু তেওঁৰ ২০ জনীয়া বেটেলিয়নটোৰ ওপৰত আধাৰিত যিয়ে ১৯৬২ চনত অৰুণাচলৰ টাৱাং জিলাত চীন-ভাৰত যুদ্ধৰ সময়ত বিপক্ষৰ ৬০০ জনীয়া বাহিনীটোৰ সৈতে যুদ্ধ কৰি শেষ সময়লৈকে যুদ্ধ কৰিছিল।
গজৰাজ কৰ্পছৰ জেনেৰেল অফিছাৰ কমাণ্ডিং লে: জেনেৰেল গুৰপাল সিং সংঘই তেওঁৰ পৰিয়ালৰ সদস্য আৰু অন্যন্য সেনা বিষয়াসকলৰ সৈতে সমগ্ৰ চলচ্চিত্ৰখন উপভোগ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে ছুবেদাৰ যোগিন্দৰ সিঙে দেশৰ কাৰণে চৰম ত্যাগ কৰিছিল। তেওঁ আৰু কয় যে সীমা এলেকাকে ধৰি প্ৰত্যেকটো ৰেজিমেণ্টতে এনেধৰণৰ বীৰ আছে। তেওঁ আৰু কয় যে তাহানিৰ তুলনাত এতিয়াৰ দুয়োফালৰ সীমা অধিক সুৰক্ষিত। তেওঁ কয় যে যোগিন্দৰ সিঙক লৈ তেওঁলোক গৰ্বিত আৰু চলচচইত্ৰখন তেওঁৰ বাবে এটা ডাঙৰ সন্মান।
তেওঁ আৰু কৈছে যে যাতে প্ৰতিজন সেনাই এই বীৰজনক চিনি পোৱা হয় এই চলচ্চিত্ৰখন প্ৰতিটো সীমা আৰু প্ৰতি অংশতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ১৯৬২ৰ যুদ্ধৰ সময়ৰ সদ্যোজন্মা কেঁচুৱা, যোগিন্দৰ সিঙৰ নুমলীয়া জীয়ৰী কুলৱন্ত কৌৰও দেউতাৰ স্মৃতি বিজড়িত সেই ইতিহাসৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখন চোৱাৰ বাবে উপস্থিত আছিল। তেওঁ কয় যে তেওঁ এই চলচ্চিত্ৰখন চাই অত্যন্ত সুখী।
১৯২১ চনৰ ২৮ ছেপ্টেম্বৰত পাঞ্জাবৰ ফাৰিদকোট জিলাৰ মোগাৰ তহচিলৰ অন্তৰ্গত মাহলা কালান গাওঁত চুবেদাৰ যোগিন্দৰ সিঙৰ জন্ম হৈছিল।তেওঁৰ পিতৃ আছিল শ্বেৰ সিং।১৯৩৬ত তেওঁ প্ৰথম শিখ ৰেজিমেণ্টত চিপাহী হিচাপে সোমাইছিল। পৰাধীনতাৰ সময়চোৱাত তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ হৈ বাৰ্মাত বহুকেইখন যুদ্ধত অংশগ্ৰহণ কৰি বহুতো মেডেল লাভ কৰিছিল। স্বাধীনতাৰ পাচত তেওঁ শিখ ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল আৰু ১৯৪৮ চনত পাকিস্তানী জনজাতীয় লোকসকলে যেতিয়া কাশ্মিৰ আক্ৰমণ কৰিছিল তেওঁ তাত নিয়োজিত আছিল।১৯৬২ৰ ২৩ অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল।