• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ এপ্ৰিলৰ পৰা ডিমা হাচাওত অনিৰ্দিষ্ট কাললৈ ৰে’ল অৱৰোধ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 17, 2018 10:11 am
IMG-20180416-WA0017

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বৃহস্পতিবাৰৰ পৰা ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কালৰ কাৰণে ৰে’ল অৱৰোধ কাৰ্যসূচী গঢ়ি তুলিব ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফে। এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰেলপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত বিভাগটোৱে অনিহা প্ৰদৰ্শন কৰাত ক্ষুন্ন হৈয়ে আইএছএফে উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰকৃততে ৰে’ল বিভাগৰ ফালৰ পৰা ক্ষতিপূৰণৰ এটা অংশ মোকলাই দিয়া হৈছে যদিও বাকি থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ কাৰনে এখনৰ পাছত এখন যুটীয়া বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো এতিয়ালৈ ৰাইজে তেওঁলোকৰ প্ৰাপ্য ধন পোৱা নাই।

Apply Now

এই সম্পৰ্কত আইএছএফৰ সভাপতি ডেভিদ কেইভমে কয় যে একেখন ক্ষতিপূৰণ ইছ্যু লৈ হাফলং, লামডিং আৰু গুৱাহাটীৰ মালিগাঁৱত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত পোন্ধৰখন মান যুটীয়া বৈঠক অনুষ্ঠিত হৈছে। য’ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ বিষয়াৰ বাহিৰে ডিমা হাচাও জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলো উপস্থিত আছিল।

কিন্তু পৰিতাপৰ কথাটো হ’ল যে ৰে’ল কৰ্তৃপক্ষই সময়ে সময়ে প্ৰতিশ্ৰুতি দিলেও বাস্তবত ভূমি হেৰুৱা ৰাইজে আজি লৈকে নিজৰ প্ৰাপ্য ধন আদায়ত সক্ষম হোৱা নাই। যোৱা তিনি চাৰি মাহে ৰে’ল বিভাগৰ ফালৰ পৰা মাথো এটাৰ পাছত এটা দিন তাৰিখ দি থাকিলেও প্ৰকৃততে ক্ষতিগ্ৰস্ত লোকসকল  প্ৰাপ্যৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আহিছে।

ডেভিদৰ মতে ৰে’ল বিভাগে পাহাৰীয়া ৰাইজৰ আগত মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বাৰম্বাৰ  অনুৰোধ কৰাৰ পাছতো ৰে’লৱে নিজৰ স্থিতিত অটল। সেয়ে ৰে’লৱেৰ এনে স্বৈৰাচাৰী মনোভাবৰ প্ৰতিবাদত ১৯ এপ্ৰিলৰ পৰা জিলাখনত অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ গঢ়ি তোলা হ’ব।

আইএছএফে জানিবলৈ দিয়া মতে ৰে’ল বিভাগে পূৰ্বতে ১.৭৮ কোটি টকা ক্ষতিপূৰণ হিচাপে মোকলাই দিছিল। আৰু এতিয়া ক্ষতিপূৰণ হিচাপে বাকি থকা ধনৰ পৰিমান হৈছে ৪.৫৮ কোটি টকা।

উল্লেখনীয় যে যোৱা ১ মাৰ্চত অসম আৰক্ষীৰ বিশেষ শাখাৰ ডিজিপি পল্লব ভট্টাচাৰ্য্যৰ উপস্থিতিত হাফলঙত ক্ষতিপূৰণ সংক্ৰান্ত বিষয়লৈ হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত ৰে’ল বিভাগৰ বহুতো বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা এমাহ সময় বিচৰা হৈছিল। কিন্তু এমাহ সময় অতিক্ৰম কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত ক্ষতিপূৰণ আদায়ৰ কাম আগ বঢ়া নাই। আৰু ইয়াৰ ফলশ্ৰুতিতে সংগঠনটোৱে ১৯ এপ্ৰিলৰ পৰা ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd