২০১৭ চনৰ অক্টোবৰলৈকে অসমত চিনাক্ত ১৯৬১২ গৰাকী বিদেশী

অসমৰ অবৈধ বিদেশী

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে জনাই যে অসমত যোৱা অক্টোবৰলৈকে বিদেশী ন্যায়াধিকৰণে মুঠ ১৯৬১২ গৰাকী ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰিছে। মন্ত্ৰী গৰাকীয়ে লগতে জনায় বিদেশীৰূপে ঘোষিত ব্যক্তিসকলক ডিটেনচন কেম্পত ৰখা হৈছে।

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী গৰাকীয়ে জনাই যে, ‘বিদেশী ন্যায়াধিকৰণত নিষ্পত্তি হোৱা গোচৰৰ মাহিলী প্ৰতিবেদন অনুসৰি ২০১৭ চনৰ অক্টোবৰলৈকে অসমত মুঠ ১৯৬১২ গৰাকী ডি (সন্দেহজনক/গোচৰাধীন) ভোটাৰক বিদেশী হিচাপে চিনাক্ত কৰা হৈছে।’

ৰিজিজুৱে লগতে কয় যে ডি ভোটাৰ সকলক জাননী প্ৰেৰণ কৰাটো এটা আইনী প্ৰক্ৰিয়া আৰু তেওঁলোকক হাৰাশাস্তি কৰাৰ প্ৰশ্নই নুঠে। ডি ভোটাৰ সকলক বন্দী কৰা নহয়। তেওঁ জনায়, ‘ডিটেনচন কেম্পত কেৱল বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা ব্যক্তি সকলকহে ৰখা হয়।’

মন্ত্ৰীজনে জনায় যে ১৯৯৭ চনত ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে বিদেশী সন্দৰ্ভত প্ৰকাশ কৰা শ্বেতপত্ৰ অনুসৰি সত্যাসত্য নিৰূপণৰ সময়ত নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ  কৰিব নোৱাৰা ভোটাৰ সকলৰ নামৰ বিপৰীতে ডি চিহ্ন (D) দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

এনে ভোটাৰ সকলৰ নাগৰিকত্ব সাব্যস্ত কৰাৰ বাবে সংশ্লিষ্ট ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা প্ৰয়োজনীয় নেকি সেই সিদ্ধান্ত সত্যাসত্য নিৰূপণৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনী পঞ্জীয়ন বিষয়াই গ্ৰহণ কৰে ।

ৰিজিজুৱে কয় যে নিৰ্বাচনী পঞ্জীয়ন বিষয়াই সন্মতি প্ৰকাশ কৰিলে এনে বিষয় সমূহ সংশ্লিষ্ট ন্যায়াধিকৰণলৈ প্ৰেৰণৰ বাবে যথাযোগ্য কৰ্তৃত্ব সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষকলৈ আগবঢ়াই দিয়া হয়।

তেওঁ লগতে জনায়, ‘ন্যায়াধিকৰণৰ ৰায় বা নিৰ্দেশ অনুযায়ী ভোটাৰজনৰ ভাৰতীয় নাগৰিকত্ব সাব্যস্ত হ’লে ‘ডি’ চিহ্ন গুচাই দিয়া হয় আৰু অন্যথা ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন কৰা হয়।’