২০১৯ চনত বিজেপিক প্ৰত্যুত্তৰ দিব দেশৰ জনসাধাৰণে : তৰুণ গগৈ

TarunGogoi

ফাইল ফটো।

মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে আজি চাৰি বছৰ সম্পূৰ্ণ কৰিলে। এই চাৰি বছৰে মোদী চৰকাৰে জনতাক বিশ্বাসঘাতকতা কৰা বাদে একো নিদিলে বুলি অভিযোগ তুলি আজিৰ দিনটো বিশ্বাসঘাতকতা দিৱস হিচাপে কংগ্ৰেছে সমগ্ৰ ভাৰততে পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগতো আজিৰ এই দিনটো বিশ্বাসঘাতকতা দিৱস হিচাপে পালন কৰে।

এই বিশ্বাসঘাতকতা দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ শক্তি সিং গোহিলে এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলতে অংশগ্ৰহণ কৰি তৰুণ গগৈয়ে মোদী চৰকাৰক মিছলীয়া আখ্যা দিয়াৰ লগতে কেন্দ্ৰীয় গড়কপ্তানী মন্ত্ৰী নীতীন গাডকাৰিকো লক্ষ্য কৰি কৰি লয়।

গগৈয়ে কেন্দ্ৰীয় গড়কপ্তানী মন্ত্ৰীগৰাকীক মিছলীয়া আখ্যা দি কয়, “ৰাস্তা-ঘাটৰ অৱস্থা আগৰ দৰেই আছে, অলপো ভাল হোৱা নাই। তেওঁ স্বাভাৱসুলভ ভংগিৰে কয়, “গাডকাৰীয়ে গোকাট মিছা কথা কৈছে, তেওঁক মই চেলেঞ্জ কৰিছো।”

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাও ঠায়ে ঠায়ে অধিক শোচনীয় বুলি মত প্ৰকাশ কৰি গগৈয়ে কয় যে অসমলৈ আহি গাডকাৰীয়ে নিজেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাটো চাই যাব লাগে।

ইয়াৰোপৰি গাডকাৰীয়ে ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হোৱা আৰু বৰাকৰ খনন সম্পূৰ্ণ হোৱা বুলি সংবাদমেলত কোৱা বুলি গগৈয়ে জানিবলৈ দি কয়, “গাডকাৰীয়ে এই কথাতো মিছা মাতিছে, অসমত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভই হোৱা নাই আৰু বৰাকৰ খনন কেতিয়া সম্পূৰ্ণ হ’ল। এইবোৰ গোকাট মিছা কথা।”

আনহাতে, উক্ত সংবাদমেলতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো মিছলীয়া আখ্যা দি কয় যে শ্বাহে মূল্যবৃদ্ধি ৰোধ কৰা বুলি কোৱাৰ বিপৰীতে পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰমূল্য দিনক-দিনে বৃদ্ধিহে পাই গৈ আছে।

“যি জনসাধাৰণে ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ মোদীক চৰকাৰ বনোৱাত সহায় কৰিলে, সেইসকলে আজি উপলব্ধি কৰিছে। মোদী চৰকাৰৰ জনতাৰ ওপৰত এই মাধমাৰৰ প্ৰত্যুত্তৰ ২০১৯ চনৰ নিৰ্বাচনত জনসাধাৰণে দিব।” গগৈয়ে সংবাদ মেলত কয়।