NORTHEAST NOW (Assamese)

২১ মে’ৰ পৰিৱৰ্তে ৩১ মে’ৰ পৰা বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

May 20, 2018 3:17 pm · উত্তম শইকীয়া

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশ অনুসৰি অহা ২১ মে’ৰ পৰিৱৰ্তে ৩১ মে’ৰ পৰাহে দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই ১০ দিনৰ সময়সীমা বৃদ্ধি কৰাৰ কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই৷

উল্লেখ্য যে পূৰ্বতে  ৰাষ্ট্ৰীয় উদ্যানখনৰ দায়িত্বত থকা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াৰ স্বাক্ষৰিত এক বিভাগীয় জাননীত  পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যান খন চলিত মাহৰ ২১ মে’ পৰা পৰ্যটকৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল৷

ইয়াৰ বিপৰীতে আজি সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ২১ মে’ৰ পৰিৱৰ্তে এতিয়া ৩১ মে’ৰ পৰাহে দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ আনহাতে যোৱা ১ মে’ৰ পৰা কাজিৰঙা দৰ্শনৰ বাবে অহা পৰ্যটকসকলৰ বাবে বন্ধ কৰা হৈছিল হাতী চাফাৰী।

সাধাৰণতে প্ৰতি বছৰে বাৰিষাৰ আগমনৰ লগে লগেই সুৰক্ষা তথা বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয় কাজিৰঙা৷ এতিয়া প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলে কাজিৰঙা দৰ্শনৰ বাবে চলিত বছৰৰ ৩১ অক্টোবৰলৈকে অপেক্ষা কৰিব লাগিব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে।

Related News