যোৱা ১১ মে’ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটা গঁড হত্যা কৰি খড়গ কাটি নিয়া ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনে।
‘ছেভ আৱাৰ ৰাইনো ইন আফ্ৰিকা এণ্ড ইণ্ডিয়া’ চমুকৈ এছঅ’আৰএআই নামৰ সংস্থাটোৰ সৈতে জড়িত তথা বন্যপ্ৰাণীপ্ৰেমী হিচাপে পৰিচিত পিটাৰছেনে কাজিৰঙাৰ গঁড় হত্যাক লৈ ছ’চিয়েল নেটৱৰ্কিং ছাইটত দুখ প্ৰকাশ কৰে। ১৪ মে’ত টুইটাৰযোগে পিটাৰছেনে মৃত গঁড়টোৰ আলোকচিত্ৰ এখন আপলোড কৰি কয়— ‘ভাৰত— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াভাৱে এয়া সংঘটিত হৈছে! ঘৃণনীয়’।
উল্লেখযোগ্য যে যোৱা ১১ মে’ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা চিৰাখোৱা চোৰাংচিকাৰী প্ৰতিৰোধ শিবিৰৰ কাষৰ পৰাই চোৰাংচিকাৰীয়ে পুৱা এটা প্ৰাপ্ত বয়স্ক গঁড় হত্যা কৰি খড়গ কাটি নিছিল। ঘটনাটোক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে গঁড় হত্যাক লৈ ছ’চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰাটো লক্ষণীয়।
ছ’চিয়েল মিডিয়াত পিটাৰছেনে কৰা টুইটটোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে টুইটটো ৪০০০ জনে লাইক কৰাৰ উপৰি ১৫০০ বাৰ ৰিটুইট হৈছে।
অৱশ্যে গঁড় হত্যাক লৈ এয়াই প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। ইয়াৰ পূৰ্বেও একাধিকবাৰ একে প্ৰসংগ ছ’চিয়েল মিডিয়াত উত্থাপন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল পিটাৰছেনে। গঁড় হত্যাৰ দৰে স্পৰ্শকাতৰ বিষয় এটিক লৈ মাত মতাৰ বাবে পিটাৰছেনৰ শলাগ লৈছে সচেতন মহলে।